চুকাফা আৰু অসমৰ বুৰঞ্জী
“যেতিয়া যি কথা হয়, যি মৰে, যাক পাওঁ, সকল কথা পণ্ডিতে
লিখি ৰাখিব”। এই কথাফাকি প্ৰথম আহোম ৰজা চুকাফাৰ উক্তি। ইয়াতেই
লুকাই আছে অসমৰ ইতিহাসৰ জন্ম কথা। অৰ্থাৎ যেতিয়া যি ঘটনা ঘটে, কোনোবা মৰিলে বা ৰজাই কাৰোবাক লগ
কৰিলে বা লগ পালে, এনেবোৰ সকলো কথা পণ্ডিতে লিখি ৰাখিব। এয়ে বুৰঞ্জীৰ সাৰ। ইয়াৰ
পৰা এইটোকে বুজিব পাৰি যে, চুকাফাই অন্যান্য বস্তুৰ লগতে ৰজাঘৰীয়া যাৱতীয় কথা লিখি
ৰাখিবৰ কাৰণে পণ্ডিত লোকো
লগত আনিছিল। আহোমসকল অসমলৈ অহাৰ আগতে অসমত এনেধৰণৰ ৰজাৰ শাসনাৱলী লিপিবদ্ধ কৰি
ৰখাৰ কোনো ব্যৱস্থা নাছিল। অসমৰ চুবুৰীয়া ৰাজ্য চীন দেশত ইতিহাস ৰচনা এটা চিৰ চৰিত
প্ৰথা। সেয়েহে, অন্যদেশৰ ইতিহাসে ঢুকি পোৱাৰ আগতৰ কথাও চীন ভাষাত লিপিবদ্ধ অৱস্থাত
পোৱা যায়। জাতীয় কৃষ্টি আৰু উৎপত্তিৰ ফালৰ পৰা আহোমসকল, শ্যান, বৰ্মা আৰু শ্যাম এইবোৰ
জাতি চীনৰ আজো-নাতি। শ্যান, বৰ্মা আৰু শ্যাম সকলৰ অতীজৰ বুৰঞ্জী আছে। বৰ্মা সকলে ইতিহাসক ৰাজৱান বা আজৱান
আৰু শ্যাম ভাষাত পংছৱিদন বোলে। আহোম বা টাই সকলেও অসমলৈ অহাৰ ৬৬০ বছৰ
পূৰ্বৰ পৰাই ইতিহাস লিখাৰ অনুশীলন কৰিছিল। সেয়েহে, খুনলুং-খুনলাই আদি চুকাফাৰ
পূৰ্বপুৰুষৰ বিষয়ে আজিও জানিব পাৰি।
১২২৮ খৃষ্টাব্দত চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি
অসমত প্ৰবেশ কৰাৰ সময়ত লগত তেওঁলোকৰ বুৰঞ্জীৰ টোপোলা আৰু বুৰঞ্জী লিখিব পৰা মানুহো
লগত লৈ আহিছিল। চুকাফাই গোপনে চোমদেও মুৰ্ত্তি লগত লৈ অনাকে ধৰি দেওধাই, বাইলুং,
মোহন আদিসকলৰ আদি পুৰুষ সকলো তেওঁৰ লগত অহা, বাটত আহোতে ভালেখিন মানুহৰ মৃত্যুৰ
কথা লিপিবদ্ধ কৰিবলৈ চুকাফাই কৈছিল। সেই বুৰঞ্জীৰ গ্ৰন্থকাৰ আছিল মহামন্ত্ৰী
বাঁহগৰীয়া, আতন বুঢ়াগোঁহাই ডাঙৰীয়া।
আহোম ৰাজত্বৰ আদিছোৱাত ৰজা আৰু ৰাজবিষয়াই ব্যৱহাৰ কৰা
আহোম ভাষাত বুৰঞ্জীবোৰ লিখা হৈছিল। এইবোৰ গ্ৰন্থকাৰ আছিল আহোম পুৰুহিতসকল। পাছলৈ
আহোম ভাষাৰ অধ্যয়ন আৰু অনুশীলন ঘাইকৈ পুৰোহিতীয়া সমাজত প্ৰচলিত হোৱাত সাধাৰণ আহোমৰ
মাজত অসমীয়া ভাষাৰ ব্যৱহাৰ চলিবলৈ ধৰিলে। তেতিয়াৰে পৰা আহোম ভাষাৰ উপৰিও অসমীয়া
ভাষাত বুৰঞ্জী ৰচনাৰ সূত্ৰপাত হ’ল। এই বুৰঞ্জীবোৰত অসমীয়া গদ্যৰ চানেকি পোৱা যায়। দেশৰ
যাৱতীয় কথা এই বুৰঞ্জীবোৰত লিপিবদ্ধ হৈছিল। বিদেশলৈ পঠিওৱা আৰু বিদেশৰ পৰা অহা
চিঠি পত্ৰবিলাকো এই বুৰঞ্জীবোৰত সন্নিবিষ্ট হৈছিল। পুৰণি কালৰ অসমীয়া মানুহৰ
চিন্তাধাৰা, সামাজিক আৰু নৈতিক ব্যৱস্থা জানিবলৈ হলে এই বৰঞ্জীবোৰ বিশেষ প্ৰয়োজন।
অসমীয়াৰ বিশেষ গৌৰৱ যে ভাৰতীয় কোনো জাতিৰে এনে ধৰণৰ সমসাময়িক শৃঙ্খলাবদ্ধ বুৰঞ্জী
নাই।
ৰজাৰ বিষয়াসকলে ৰাজ্যৰ নানা ঠাইৰ পৰা ৰজালৈ কটকীৰ
হাতে খা-খবৰ দি পঠিয়ায়। যুদ্ধ –বিগ্ৰহৰ সময়ত সেনাপতি সকলে দিনৰ খবৰ দিনে বাৰ্তাবাহক
বা ৰণ-কাকতত ৰজালৈ পঠিয়ায়। ৰজাই পত্ৰৰ বিষয়ে ডা-ডাঙৰীয়াৰে সৈতে আলোচনা কৰি
মহাফেজখানা বা গন্ধীয়া ভৰালত থৈ দিয়ে। দাতিয়লীয়া জনজাতীয় সকলৰ পৰা অহা পত্ৰও ভালকৈ
ৰখা হৈছিল। মোগল পাদশ্বাহ আদিৰ পৰা অহা চিঠি-পত্ৰ পঢ়িবলৈ আহোম ৰাজসভাত
পাৰ্ছী-পঢ়ীয়া আছিল। সেইবোৰ চিঠিও গন্ধীয়া ভৰালত সংৰক্ষিত হৈছিল। ৰজাঘৰীয়া
দৈনন্দিন কথাবোৰ লিখি থবলৈ নিৰ্দ্দিষ্ট লেখাৰু আছিল। এইবোৰ কাকত-পত্ৰ চাই –চিটি নকল
আদি কৰি ভাগে ভাগে থবলৈ এদল লেখাৰু আৰু কাকতি আছিল। তেওঁলোকে লিখকৰ বৰুৱাৰ
তত্বাৱধানত কাম কৰিছিল। এই কাকত-পত্ৰসমূহ পঢ়ি তীৰ পৰা সাৰ সংগ্ৰহ কৰি
ছমাহে-বছৰেকে কোনো এটা ডাঙৰ ঘটনাৰ পাছত ধাৰাৱাহিৰ বিৱৰণ লিখাৰ প্ৰথা আছিল। এই
বিৱৰণসমূহ আগৰ বুৰঞ্জীৰ লগত লগ লগাই ৰজা ঘৰৰ কাৰণে ৰাজকৰ্মচাৰীৰ তত্বাৱধানত
বুৰঞ্জী সংকলিত হৈছিল।
আহোম দিনত উচ্চ বিষয়া সকলে নিজৰ ঘৰত পণ্ডিত ৰাখি ৰজাৰ ভৰালৰ পৰা পোৱা পত্ৰ আৰু নিজৰ হাতত থকা পত্ৰ আদিৰে বুৰঞ্জী লিখাইছিল। সেয়েহে একেটা ঘটনাকে বিভিন্ন বুৰঞ্জীলেখকৰ হাতত বিভিন্ন ৰূপত উপাস্থাপন কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও নিজৰ পুথি-চাঙত বুৰঞ্জী এখনি থাপনা কৰিবৰ কাৰণে আনৰ ঘৰৰ পৰা বুৰঞ্জী ধাৰ কৰি আনি তাৰ নকল কৰিছিল। সেয়েহে আহোম যুগৰ বুৰঞ্জীত সাধাৰণতে লেখকৰ নাম সন্নিবিষ্ট কৰা পোৱা নাযায়। মুঠৰ ওপৰত অসমৰ মধ্যযুগৰ পৰা লিখিত ইতিহাসৰ ক্ষেত্ৰত অসমবাসী সদায়ে আহোমসকলৰ ওচৰত ধৰুৱা।
Sukapha and “Buranji” ( History ) of Assam
“When, what happens, who dies, whom we met, everything will be written down by
the Pandit (scholars)”. This was said by the first Ahom king Sukapha. In these words the birth of the history of
Assam is hidden. That is, whenever an event happens, when someone dies, or when
the king meets someone, the Pandit will write down everything. This is
the essence of history. This suggests that Sukapha brought scholars with him to
write down royal affairs, among other things. There was no systematic
record of the rulers of Assam before the arrival of the Ahoms. History writing is an ever-present practice in China, the
neighbouring state of Assam. Therefore, even before the history of other
countries reached it, it is written in Chinese. The Ahom, Shan, Burmese, and
Shyam are the ancestors of China in terms of national culture and origin. The
Shans, Burmese, and Shyams have their ancient history. The Burmese called history Rajwan or Ajwan and Panchvidn
in Syam. The Ahom or Tai also had practiced writing history as early as 660 years before their arrival in
Assam. Therefore, the ancestors of Sukapha, such as Khunlung-Khunlai,
are still known to us.
When Sukapha crossed the Patkai Mountains and entered Assam in 1228 AD, he brought with him their history books and men who could write history. Sukapha wanted to be recorded everything about his men who died on the way, the ancestors of Deodhai, Bailung, Mohan etc., and secretly bringing of the Chomdeu idol with him. The author of that history was Mahamantri Banhgaria, Atan Buragohain.
Initially, histories were
written in the Ahom language, which was used by the kings and officials. These were written by
Ahom priests. Later, the practice of the Ahom language became limited in the
priestly classes and the use of Assamese language became the common language
for the society. Since then, history has
been written in Assamese languages other than the Ahom language. These
histories contain the patterns of old Assamese prose. there recorded everything
about the country. They also included letters sent to and from abroad. These
histories are especially useful for learning about the thought, social and
moral ethics of the Assamese people in the medieval period. The Assamese are
proud that no other Indian nation has such a contemporary systematic history.
The king's officers sent messages to the king from various parts of the
kingdom through messengers, both oral and written. In times of war, the
commanders send the news of the day to the king in daily messengers or rana-patra
(war-letter). The king discusses the letter with the high ranking
officials and puts it in the Mahafejkhana
or Gandhia –Bharal. Letters from
the boarders tribesmen were also well
kept. There were Persian readers in the Ahom royal court to read letters from
the Mughal emperors. Those letters were also preserved in the treasury. There
were designated officers called lekharu to record the daily affairs of the royal
household. There were a group of writers and copyists who looked at these news-letters, copied them and sorted them out. They worked
under the supervision of the author. It was customary to read these newsletters
and collect themes from the records and write a series after a major event in every six months or years. These details were combined with earlier histories
and the chronicles were compiled for the royal household under the supervision
of royal officials.
In the Ahom days, high
officials kept scholars in their houses and wrote history with letters from the
king's treasury and letters in their possession. Therefore, the same event is
presented in different forms by different historians. In addition, as a status
of symbol, people borrowed history from other people's homes and copied it to
establish a history book in his custody. Therefore, the names of the authors
are not usually included in the histories of the Ahom period. In short, the
people of Assam have always been indebted to the Ahoms for their written
history since the Middle Ages.
******

No comments:
Post a Comment