ৰংপুৰৰ তলাতল ঘৰৰ বিষয়ে কিছু কথা
তলাতলৰ বিষয়ে তুমি কিমান জানা -বুলি প্ৰশ্ন কৰিলে সকলোৱে কব পাৰিবযে, তলাতল ৩৩ (তেত্রিশ)তম আহোম ৰজা চুৰেমফা বা ৰাজেশ্বৰ সিংহই সজাইছিল। অসমৰ পৰ্যটন স্থলিৰ এটা লেখত লবলগীয়া স্থান। এই তলাতল ঘৰ ৰংপুৰত অৱস্থিত।ই সাতমহলীয়া। কিন্তু চাক্ষুস অৱস্থাত, প্ৰকৃত তলাতলৰ ছবিখন দেখা নাযায়।
তলাতলৰ বিষয়ে বুৰঞ্জীত উল্লেখ আছে যে, তলাতল সাতমহলীয়াকৈ সজা হৈছিল। মাটিৰ তললৈতিনি মহলা, মাটিৰ ওপৰলৈ তিনি মহলা আৰু মাটিৰ সমানকৈ এক মহলা আছিল।ভু-তলীয়া এই কাৰেং বা তলাতল-ঘৰ এক অদ্ভুদ কৌশলেৰে নিৰ্মান কৰা পকী ঘৰ। ওপৰ মহলালৈ যাবলৈ সমতল তলাত সোমাই বাওঁপাকে ঘুৰিলে সোঁ-দুৱাৰেদি ওপৰৰ তিনি তলালৈ উঠিব পাৰি। ঠিক তেনেদৰে সোঁপাকে ঘুৰিলে তলৰ তিনি তলালৈ নামিব পাৰি। দুৱাৰেৰে সোমাই গৈ নামিবলৈ আৰু উঠিবলৈ সুকীয়া দিহা আছে। কেনেবাকৈ দিহা হেৰালে, সোমোৱা মানুহে সততে একো ধৰিব নোৱাৰে। একে ঠাইতে চক্ৰবেহুত ঘুৰাৰ দৰে ঘুৰি থাকিব। অনভ্যস্ত মানুহে ওলাই অহা বুলি ভিতৰলৈ সোমাই গৈ থাকে , একেদৰে সোমাই যোৱা সলনি ওলাই হে আহে । তলৰ তৃতীয় তলাৰ পৰা পূব মুখে এটা পাতালী-নলা দিখৌ নৈত ওলাইছেগৈ । উদ্দেশ্য, কোনো শত্ৰুৰ আক্ৰমন এৰাবলৈ হলে , সেই সুৰঙ্গৰে ৰজাই গুচি যাব পাৰেআৰু দিখৌ নদীত সদায় তেনে পৰিস্থিতিৰ বাবে নাও সাজু কৰি ৰখা হয়।এনে অদ্ভুদ কৌশলৰ ঘৰ ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় এটা নাই। ই পৃথিৱীৰ অষ্টম অদ্ভুত বস্তুৰ ভিতৰত লেখত লবলগীয়া বস্তুত পৰিবৰ যোগ্য আছিল। তলাতল ঘৰৰ সমতলৰ মজিয়াৰ সমান্তৰালকৈ পূবলৈ উত্তৰা-দক্ষিণাকৈ দীঘে নকুৰি-হাত (১৮০ হাত] পথালীয়ে তিনি কুৰি-হাত(৯০ হাত) পৰিমাণৰ এটা সুদীৰ্ঘ প্ৰকাণ্ড১৮ কোঠালীয়া পকী ঘৰ। তাত ৰজাৰ গা-চোৱা লিগিৰা আৰু সৈন্যদল থকাৰ সুব্যৱস্থা আছে। ইমূৰৰ পৰা সিমূৰলৈ পহৰীয়াই পহৰা দিয়া এটা দিঘলীয়া বাটে সোঁ মাজতে ঘৰটো দুফাল কৰি ঘৰটো ৩৬ কোঠলীয়া কৰিছে। হঠাত্ আক্ৰমণকাৰী শত্ৰুৱে এই ঘৰৰ উৱাদিশ নাপায় নিজে ধৰা দিয়েগৈ। বৰ্তমান ওপৰৰ পৰা দুতলা ভাগি খহি পৰিল।তলতৈ দুতলা গৈয়ে আৰু যাব নোৱৰা হ’ল। কোনোবা ধন-সোণ বিচৰা চুৰে খানি মাটি খহাই পেলোৱাত পোহৰ অহাবাট নোহোৱা হ’ল । যাৰ বাবে তলৰ তলা ঘোপ মৰা আন্ধাৰ হৈ পৰিল । পোহৰৰ ব্যৱস্থা কৰি সোমাব পৰা যায় যদিও বৰ্তমান বাদুলীৰ বাসস্থানত পৰিণত হৈছে। আগেয়ে পৰ্যটকে বাহিৰত সূতাৰ এটা মূৰ বান্ধি আনটো মূৰ হাতত লৈ ভিতৰলৈ সোমাইছিল। এতিয়া বুজাই নিদিলে একো ধৰিবই নোৱৰা অৱস্থা। চৰকাৰে ইচ্ছা কৰিলে তলাতলৰ ইতিহাস পুনৰ সজীৱ কৰি তুলিব পাৰে। তেতিয়া আমাৰ ঐতিহ্য দেখি আনেওতবধ মানিব।
Something about Kareng or Talatal-Ghar
If you ask how much you know
about Talatal-ghar, everyone will say that Talatal was
built by the 33rd Ahom king Churempha or Rajeshwar Singha. It is a
notable tourist destination in Assam. TheTalatal-gharis located
in Rangpur. It is a three storiedbuilding.
Let me describe more about
it. Rongpur the capital of the Ahom kingdom possessed the largest of the secular
buildings build by the Ahoms. Known popularly Talatal-ghar meaning
a house having several stories, this structure is aligned in anorth -south axis
annexed on its either side. The ground floor of this complex consists of rows of
columns and semi-circular arches, some portion of which are kept as stylobates (a continuous flat coping or pavement supporting a row of
architectural columns), while some others are enclosed converted into chambers.
It is believed that some portions of the open structures were used as stables for
elephants and horses while the enclosed ones were the granaries and stores. ˇhe
upper floor over this stylobate is connected by a number of stairways having
vaulted roofing which in variably end roofed structures. Most of the upper
floor of the Talatal-ghar is an open terrace are single storied and
contained a do-chalia roofing of the Assamese cottage type. The multistoried structures are badly ravaged and have collapsed in places.
Buranjis(Ahom History ) tells us , Talatal-gharwas
built in seven stories. There were three floors below ground, three floors
above ground and one floor level with the ground. To go upstairs, enter through
the ground floor and turn left to climb to the upper three floors. Similarly,
if you turn right, you can go down to the underground three floors. There are
separate instructions for going down and up through the door. If a person get
lost the direction, he cannot catch anything to come out. He will spin in the
same place like a wheel. From the underground third floor, an underground drain
flows eastwards into the Dikhou River. The purpose, to avoid an enemy
attack, if such situation arises, the king can leave through the tunnel. Boats
are always ready for such situations on the Dikhou River. There is no other
home in India for such strange techniques. It deserved to be ranked in the Eighth
WonderThings of the world. Parallel to the ground floor, there is a long and huge
18concrete rooms, ninety cubits (180 cubits) long and forty cubits (90 cubits)
wide, running north-south to the east
with good accommodation for the
king's servants and troops. A long pavement guarded by guards divides the
house in the middle and makes it 36 rooms. Sudden attackers could not locket
anything in that house and they would be caught themselves. Now two floors have
collapsed from the top of the building and only two floors can be reached on the
underground floors. Some thieves looking for money and gold dug up the ground and
prevented the path of light. Therefore, the underground rooms
became pitch dark. It is accessible by lighting but has now become a
habitat for bats. Formerly, tourists used to tie one end of the yarn outside
and entered with the other end in their hands. Now, if you don't explain it,
you can't understand anything. The government can revive the history of Talatal
if it wants to. Then others will be amazed at our heritage. There is no light
in the house, but now it has become a habitat for bats. In the past, tourists
used to tie one end of a rope outside and carry the other end in their hands to
enter the house The government can revive the history of Talatal if it wants
to, and others will be amazed at our heritage.

ventilations of Talatal - ghar

No comments:
Post a Comment