আহোম দিনৰ “বৰসভা” :
(The “Barsabha” of the Ahom kings)
আহোম ৰজাৰ দিনত বছৰি এখন বৰসভা পতা হৈছিল। সেই বৰসভাৰ সকলো দ্বাচিত্ব বৰবৰুৱাৰ ওপৰত আছিল। সেয়েহে বৰসভাৰ দিন ওচৰ চাপি আহোৰ লগে লগে বৰবৰুৱাৰ গাত তত্ নোহোৱা হয়। বিভন্ন ঠাইৰ পৰা নিমন্ত্ৰণ কৰি অনা গোঁহাই-মহন্তৰ বাবে অস্থায়ী বাহৰ সজোৱা ; সভাৰ বাবে পাত-পতোৱা গোটোৱা; মাহ-চাউল গোটোৱা আৰু সেইবোৰ ধুই-পখালি প্ৰস্তুত কৰা, ক‘লা টেঙা, জৰা টেঙা, গাখীৰ, গুৰ, কুঁহিয়াৰ আদি উপকৰণ সংগ্ৰহ কৰাৰ কাম তদাৰক কৰিব লাগিছিল। তদুপৰি মানুহ-দুনুহক খোৱা-মেলুৱা, আৰু লাচনি-পাচনি কৰা আদি এশ-এবুৰি কাম বৰবৰুৱাই চাব লাগে। এই সকলো আয়োজন সম্পূৰ্ণ কৰি বৰবৰুৱাই চাৰীঙ্গীয়া গোঁহাইসকলক সবাহলৈ নিমন্ত্ৰণ কৰিবৰ বাবে চোকৰধৰা (তৰুৱালধাৰী)বৰাক পঠাই দিয়ে। অন্যান্য ইতৰ বা তলখাপৰ মহন্তসকলক টেকেলা পঠায়েই নিমন্ত্ৰণ কৰে।
বৰসবাহৰ দিনা ৰজাৰ নগৰত ঢোলে-কিৰিলিয়ে, গায়নে-বায়নে ৰজন্জনাই থাকে। বৰসবাহত হৰি-কীৰ্ত্তন কৰা হয়। সবাহ শেষ হ’লে, গোঁহাই মহন্তসকলে বৰবৰুৱাই সাজু কৰি ৰখা বাহৰত ৰাতি থাকিবলৈ যায়। আৰু তাত গৈ পুনৰ গান-বাজনা, হৰিনাম, হিৰা, সংকীৰ্ত্তন ইত্যাদি কৰেগৈ। সেই কীৰ্ত্তনৰ শবদত আনকি পোতা-শালত ৰকা বন্দীয়েও নিজৰ দুখ পাহৰি আনন্দত বিঙুৰ হয়। বাহৰ সমূহত গোঁহাই মহন্তসকলে নিজা নিজা পদবী বা সন্মান অনুসৰি থাকে।
সেই সময়ৰ লেখত লবলগীয়া সত্ৰ আছিল চাৰিখন। এইচাৰি সত্ৰৰ সত্ৰাধিকাৰক ৰজাৰ আগত কল-পাতৰ ওপৰত বগা কামলি (বগা নোমৰ কাপোৰ) পাৰি বহিব দিয়া হয়। ডেকা অধিকাৰীয়ে বহিবলৈ এযোৰ কল-পাত পায়। তলখাপৰ
গোঁহাই-মহন্তসকলৰ ভিতৰত খেনোৱে কামলি পায়, খেনোৱে নাপায়। খেনোৱে কলা-পাত পায় খেনোক কলা-পাতো নিদিয়ে। আউনীআটী, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ আৰু কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰক বাপু, তেওঁলোকতকৈ তলৰ সকলক মহন্ত আৰু তেওঁলোকতকৈ তলৰ সকলক মেধি বোলা হৈছিল।
সত্ৰসমূহৰ ভিতৰত আউনীআটী আৰু দক্ষিণপাট সত্ৰ আছিল সৰ্ব্বপ্ৰধান তাৰ পাছত যথাক্ৰমে গড়মূৰ সত্ৰ আৰু কুৰুৱাবাহী সত্ৰ। যিহেতু আউনীআটী আৰু দক্ষিণপাট সত্ৰৰ মৰ্য্যদা সমান সেয়ে এই দুই সত্ৰৰ যিজন সত্ৰই বয়োজেষ্ঠ তেওঁকেই ৰজাঘৰৰ পৰা আগমান বা প্ৰথমে মান ধৰা হয়। ৰজাক সবাহৰ নিৰ্মালি তেওঁৱেই সৰ্বপ্ৰথমে অৰ্পণ কৰে। তেওঁৰ পিছত বাকী তিনি সত্ৰাধিকাৰে ৰজাৰ মূৰত নিৰ্মালি দিয়ে। এই চাৰি সত্ৰৰ তলৰ সত্ৰাধিকাৰে স্বৰ্গদেৱৰ হাতত নিৰ্মালি দিয়ে। বাকী মহন্তসকলে ৰজাৰ মূৰত বা হাতত নিৰ্মালি দিব নোৱাৰে। তেওঁলোকে নিৰ্মালী শৰাইত সজাই ৰজাৰ আগত বা আঁতৰত ৰাখি ৰজাক আশীৰ্ব্বাদ দিয়ে। পাচনীয়ে ৰজাৰ ওচৰলৈ শৰাই আগুৱাই আনি দিয়ে আৰু জৰাই শৰাইৰ পৰা নিৰ্মালী হাতত লয়। তোতোকৈ তলৰ মহন্তসকলে দূৰৰ পৰাই দেখা দি ৰজাক আশীৰ্ব্বাদ দিয়ে। এই সবাহত পৰ্ব্বতীয়া-গোঁহাই, ন-গোঁহাই, আৰু মুকলিমূৰীয়া আদি ভট্টাচাৰ্য্য সকলে ভাগ নাপায় । স্বৰ্দেও গৌৰীনাথ সিংহৰ দিনত এই সভাত ভাগ লবলৈ ন-গোঁহায়ে বৰকৈ চেষ্টা কৰিছিল যদিও সফল নহ’ল।
The “Barsabha” of
the Ahom kings
During the reign of the Ahom kings, an annual Barsabha
(a big religious gathering) was held. All the responsibility of the Barsabha
lay with Barbarua. Therefore, as the day of the Barsabha
approached, the Barbarua had been become restless. Temporary huts had to
be built for the Gohains and Mahants, who were invited from
various places. The Barbarua had to supervise the collection of banana leaves
and sheath, Prasada (food offer
to deity) preparations, collection of black citron, normal citron, milk,
jaggery, corn, betel nut and leaves etc. There
were also a hundred other things that Barbarua had to do, such as the
arrangement of food for the people and maintain unlisted works. After completing all these arrangements, Barbarua
sent Chokardhara Bora (sword-bearer) to invite the Charingia Gohains
to the Barsabha. Other lower-ranking Mahants were invited by
sending tekelas or messengers.
On the day of the Barsabha, the king's city
is filled with drums and singing. There were many ways to celebrate the Barsabha.
When the Barsabha is over, the Gohan- Mahants go to spend
the night in the temporary huts prepared by the Barbarua. And there they
started again, singing, of Harinam, Hira, Sang-kirtan and so on. Even
the prisoners in prison forget their sorrows and rejoice at the sound of that kirtan.
The Gohain-Mahantas live in the temporary huts according to their
respective ranks or honours.
There were four notable satras at that time.
The satradhikars of these four satras are allowed to sit before
the king on banana leaves spreading white kamli (white fur cloth). Some
of the lower satradhikars and Mahantas get Kamli, others
do not. The lower- class Mahantas gets a pair of banana leaves to sit on. Some Medhis
get one banana leave to seat and some
don't. The satradhikars of Auniati, Dakshinpat Satra,
Garhmur Satra and Kuruabahi Satra were called Bapu,
those below them called Mahanta
and those below them were called Medhi.
Among the satras,
the Auniati and Dakshinpat satras were the most prominent,
followed by the Garhmur satras and the Kuruabahi satras
respectively. Since the status of Auniati and Dakshinpat Satras is
equal, the eldest of these two Satras is considered to be the first to
be honored from the royal household. He is the first priest to present
the nirmai or blessing flowers to the king’s head. The
lower-level satradhikars of these four satras present nirmali
on the hands of the King. The rest of the Mahantas cannot put Nirmali
on the king's heads or hands. They place them on a sarai in front or away from the king and bless him. The helpers bring the offering to the
king and the King takes Nirmali on his hand. The Medhis bless the king from a distance. There are many
different types of ceremonies and rituals that are performed in these
ceremonies and considered it a symbol of honor to be able to attend this barsabha.
So, Na-Gohain tried hard to attend this meeting during the reign
of Swardeo Gaurinath Singh but he would not succeed.
******

No comments:
Post a Comment