আহোম ৰজাৰ উৎপত্তিৰ দ্বিতীয় আখ্যান
আহোম ৰজাসকলে নিজকে
ইন্দ্ৰবংশী বা লেংডনৰ বংশধৰ বুলি চিনাকী দিছিল। সেই বিষয়ক দ্বিতীয় আখ্যানটো হ’ল- প্ৰাচীন কালত অসমৰ
সৌমাৰপীঠত হীৰককূত নামে এখন পৰ্ব্বতৰ দক্ষিণে স্বৰ্ণাদ্ৰি নামৰ এখন ঠাই আছিল। সেই ঠাইৰ
উত্তৰ দিশত বিহগাদ্ৰি নামৰ পৰ্ব্বতৰ ওপৰত ৰত্নভূমি নামে এডোখৰ মনোৰম ঠাইত বশিষ্ঠ
মুনিয়ে তপস্যা কৰি আছিল। সেই ঠাইখনত দেৱৰাজ ইন্দ্ৰে প্ৰিয়তমা পত্নী শশী আৰু তেওঁৰ
সখী সকলৰ সৈইতে ক্ৰীড়া কৰি ফুৰিছিল। মুনিয়ে এদিন স্নান কৰিবলৈ আহোতে তেওঁৰ বাগিছাত
ইন্দ্ৰ আৰু শশীক একেলগে দেখা পালে। মুনি ক্ৰধিত হৈ ইন্দ্ৰক ‘মানৱীত পতিত হব’ বুলি অভিশাপ দি তেতিয়াই
সেই ঠাই এৰি ৰত্নপীঠৰ ঈশান কোনত থকা নীলাচল পৰ্ব্বতত আশ্ৰম পাতিলেগৈ। বশিষ্ঠ মুনিৰ শাপত
লগে লগে দেৱৰাজ ইন্দ্ৰ এটা কুৰূপ দৈত্য এটালৈ ৰূপান্তৰিত হ‘ল। ইন্দ্ৰৰ সেই ৰূপ দেখি শশীয়ে দুখ মনেৰে সখিসকলৰ সৈইতে
স্বৰ্গলৈ গুচি গ‘ল।
তেনেতে, সেই পৰ্ব্বতৰ নিবাসী দৈত্যৰ এজনী ধুনীয়া স্ত্ৰীয়ে ইন্দ্ৰক দৈত্যৰূপত দেখি ৰগৰ কৰি সুধিলে- ‘তুমি
দেৱতা নে মানুহ , দৈত্য নে কছাৰী ?
বোবা কলা হেন দেখো, তুমি কিয় এনেকৈ ফুৰিছা ?’ এনেদৰে নানান কথা কৈ থকা দৈত্য স্ত্ৰীৰ প্ৰতি ইন্দ্ৰ আকৰ্ষিত হয়। দুয়োৰে মিলনৰ
পিছত ইন্দ্ৰই দৈত্য স্ত্ৰীক বুজালে যে তাইৰ গৰ্ভত ইন্দ্ৰৰ পুত্ৰ জন্ম হব , আৰু সি
ৰজা হব। তাৰ পুত্ৰ-পুত্ৰাদিয়ে পৃথিবাৰ বিভিন্ন ঠাইত ৰাজত্ব কৰিব। ইয়াৰ পিছতে ইন্দ্ৰ শাপমূক্ত হৈ স্বৰ্গলৈ গুচি যায়।
কালক্ৰমত ইন্দ্ৰৰ ঔৰসত সেই
স্ত্ৰীয়ে ৪৪১ শকত এটা পুত্ৰ সন্তান জন্ম দিয়ে। সেই সন্তান জন্মৰ সময়ত দেৱতাসকলে আনন্দ
উল্লাস কৰি বিভিন্ন বাদ্য বজাই গন্ধৰ্ব সকলে গান গাই দহো-দিশ উজলাই তুলিছিল। সেই
সন্তানৰ লক্ষণ বেলেগ ধৰণৰ আছিল। কুটকুৰা চুলি, সিংহৰ দৰে ডিঙি, নোমসমূহ ওলোটা, হাতৰ
তলুৱা আৰু চকু ৰঙা। বাঁও হাতত তিনিটা তিল, শঙ্খ, পদ্ম, সোঁ হাতত গদা, পেটত তিনিটা
ৰেখা, শৰীৰ সুন্দৰ সুঠাম। নাম থলে থেনখাম। থেনখাম ডেকা হলত ইন্দ্ৰদেৱতাই পূজা
কৰিবলৈ চোমদেউ মূৰ্তী, হেঙ্গদাং নামৰ অস্ত্ৰ, এযোৰ ঢাক বাদ্য, মঙ্গল চাবৰ বাবে দুযোৰ
কুকুৰা দি প্ৰত্যেকৰে ব্যৱহাৰৰ কথা বুজাই দিলে। এই বস্তু কেইপদৰ দৈৱিক প্ৰভাৱেৰে
থেনখাম শক্তিশালী হৈ স্বৰ্ণাদ্ৰি পৰ্যন্ত ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ ১৮ গৰাকী
ৰাণী আৰু ১০০ জন পুত্ৰ আছিল। সেই ১০০ জনৰ
পৰা প্ৰথম পুত্ৰ খুনলং আৰু দ্বিতীয় পুত্ৰ খুনলাইক লগত ৰাখি বাকী ৯৮ জন পুত্ৰক নিজ
ৰাজ্যৰ পৰ্ব্বতে পৰ্ব্বতে ৰজা পাতি দিলে।
এদিন ইন্দ্ৰ দেৱতাই স্বৰস্বতী
(জাচিংফা)ৰ সৈইতে আলোচনা কৰি ঠিক কৰিলে যে, চন্দ্ৰবংশী, সূৰ্য্যবংশীৰ দৰে তেওঁৰ
বংশৰো পৃথীৱীৰ সমতলত ৰজা হব লাগে। কিয়নো তেওঁ সকলো দেৱতাৰ ওপৰত ৰজা, কিন্তু তেওঁৰ
বংশৰ কোনো ৰজা সমতলত নাই। সেই বুলি বায়ুদেৱতাক পঠিয়াই পুত্ৰ থেনখামক মতাই আনি
সমতলত ৰজা হবলৈ কলে। থেনখামে যাব মন মকৰি পুত্ৰদ্বয় খুনলং আৰু খুনলাইক পঠিয়াবলৈ
অনুৰোধ কৰিলে। সেই মতে থেনখামক দিয়া ঐশ্বৰিক সম্পদ দি তাৰ মহত্ব বুজাই খুনলুঙক ৰজা
আৰু খুনলাইক যুৱৰাজ হৈ থাকিবলৈ উপদেশ দি সোণৰ কোনোৰ মতে ৰূপৰ আন কোনোৰ মতে লোহাৰ
শিকলিৰে সৰগৰ পৰা নমাই দিলে। খুনলং আৰু খুনলাইৰ লগত বায়ু, যম, চিত্ৰগুপ্ত, বৰুণ আদি
দেৱতা সকলৰ সন্তানকো পঠিয়ালে। খ্ৰীষ্টাব্দ দশম শতিকা বা ৪৯০ শকত তেওঁলোকে
মুংৰিমংৰাম নামৰ ঠাইত উপস্থিত হল। মুংৰিমংৰাম মানে আহোম মতে মানুহৰ বসতি নোহোৱা
দেশ। চুকাফা এই খুনলং আৰু খুনলাইৰে বংশধৰ আৰ্থাৎ ইন্দ্ৰদেৱতাৰ বংশধৰ বুলি পৰিচয়
দিয়ে।
******
The
second narrative of the origin of the Ahom kings:
The Ahom kings
identified themselves as descendants of Indra or Landon, the king of
heaven. The second narrative of the origin of the Indra dynasty is that, in ancient times there was a place called Swarnadri
to the south of a mountain called Hirakkuta in Soumarpitha of
Assam. To the north of that place, on a mountain called Bihagadri, in a
beautiful place called Ratnabhumi, where the sage Bashishta was performing
penance. There, the king of the deity, Indra, played with his beloved
wife Shashi and her companions. One day, when Basistha-Muni came
to take a bath, he saw Indra and Shashi in his garden. The sage
became angry and cursed Indra that 'you will
commit sin with a human woman' and left the place and took up residence on the Nilachala
mountain in the northeast corner of Ratnapeeth. Indra, the king
of the deity, was immediately transformed into an ugly giant by the curse of Basishta.
Seeing that appearance of Indra, Shashi went to heaven with her
companions in sorrow. Then, a beautiful woman of the giant who lived in that
mountain saw Indra in the form of a giant and jokingly asked him, 'Are
you a god or a man , a giant or a Kachari ? Why are you walking around
like this?” Indra was attracted to the talkative giant woman. After the intercourse
of the two, Indra explained to the giant woman that she would give birth
to Indra's son, and he would become king. Indra also furcated that generation
after generations of their son will rule over the earth. Indra was freed from
the curse by having intercourse with the giant woman and went to heaven.
In time, the
woman gave birth to a son in 441 Shaka. At the time of the birth of that
child, the gods rejoiced and played various instruments, and the Gandharvas
sang and illuminated the all ten directions. The symptoms of that child were
different. He had curly hair, lion-like neck, body hairs were in ant directions,
palms and eyes were red. He holds three black spot in his left hand, a conch
and a lotus, a mace in his right hand, three lines on his stomach and a healthy
body. He was given Thenkham. When
Thenkham grown up, Indra gave him an idol Chomdeu to worship, a
weapon called Hengdang, a pair of instruments called dhak, and
two pairs of chickens to see the auspiciousness of each. With the divine
influence of these objects, Thenkham became strong and expanded his kingdom as
far as to the Swarnadri. He had 18
queens and 100 sons. Of the 100 sons, he took his first son, Khunlong, and his
second son, Khunlai, and estublished the remaining 98 sons as kings in the
mountains of his kingdom.
One day, the god
Indra discussed with Swaraswati (Jachingpha) and decided that his
descendants should be kings on the earth like the Chandravanshis (Moon
dynesty) and Suryavanshis (Sun dynesty). For he is king over all the
gods, but there is no king of his descendants in the plains of earth. So he
sent Varun ,wind God and summoned his son Thenkham and asked him to be
king of the plains. Thenkham requested Indra to send his two sons, Khunlong and Khunlaif instead of him . Accordingly, Indra gave the divine wealth, explained its
importance, advised Khunlung to be king and Khunlai to remain his prince, and
brought them down from heaven with iron
chains, according to some of gold and others of silver. He also sent the
children of the gods Vayu, Yama, Chitragupta and Varuna
with Khunlong and Khunlai. In the 10th century AD or 490 Saka, they arrived
at Murimangram. Murimangram means uninhabited country according to the Ahom. Sukapha,
identified himself as a descendant of
these Khunlongs and Khunlai, i.e. descendants of the god Indra.
******


