Monday, August 29, 2022

The story of the mad elephant's fight: বলিয়া-হাতী যুঁজৰ কাহিনী

 

 বলিয়া-হাতী যুঁজৰ কাহিনী

আহোম ৰজাই বছৰত এবাৰকৈ হাতী যুঁজ উপভোগ কৰিছিল। আমাৰ সমাজত এটা কথা ্ৰচলিত আছে যে, ফাগুন- মাহত মতা-হাতী বলিয়া হয়।  হাতীৰ ভাটি খুলিলে কম বয়সীয়া বিধৱা মহিলাই উপবাসে থকাৰ উপৰিও ঘৰৰ পৰা বাহিৰ নহৈছিল বা উদ্মাদ হাতীৰ প্ৰত্যক্ষ কৰাৰ পৰা বিৰত থাকিছিল হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন উল্লেখ কৰিছে যেযেতিয়া ফাগুন- মাহত হাতীৰ কুম্ভস্থলত হেমেজু (হিমেজু) হব, হাতী তেতিয়া বলিয়া হব প্ৰতি বছৰৰ ফাগুন- মাহত হাতী উদ্মাদ হোৱাৰ কাৰণ ,  সেই সময়ছোৱাত হাতীৰ প্ৰজনন হৰমনৰ উত্থান ঘটে আৰু টেষ্টষ্টেৰন স্বাভাৱিক মাত্ৰাৰ ১০০ গুণতকৈও অধিকলৈ বৃদ্ধি পায় হাতীৰ মূৰৰ কাষৰ পৰা টেম্পৰিন বা হিমেজু নামৰ এবিধ আঠাযুক্ত পদাৰ্থও নিঃসৰণ হয়। ফলত সেই সময়ত  মতা-হাতী আক্ৰমণাত্মক আৰু অভাৱনীয় আচৰণ কৰে ওচৰত পোৱা জীৱ-জন্তু মাৰি পেলায়। আনকি গছ-গছনি ভাঙি উন্মত্বতা প্ৰদৰ্শন কৰে হাতীৰ এই সময়কালীন অৱস্থাক ইংৰাজীত মুষ্ঠ (musth) বুলি কয়। হাতীৰ বয়স পশিচৰ পৰা ত্ৰিশ বছৰৰ ভিতৰত হিমেজু নিৰ্গত হোৱা আৰম্ভ হয়।  হাতীৰ সেই অৱস্থাত দুটা মতা-হাতীৰ মুখা-মুখী হলে যুজ আৱশ্যভাম্বী হৈ পৰে। তেনে অৱস্থাতে আহোম ৰজাই দতাল হাতীৰ যুজৰ আয়োজন কৰে।

যুজৰ বাবে এটা বলিয়া-হাতী হাতীশালৰ দৰে মজবুট খোক সাজি নঙলা মাৰি মাহুতেৰে সইতে সোমোৱাই ৰাখে। বাহিৰতো আন এজন মাহুতে বলিয়া হাতী এটা আনি খোকৰ সন্মুখত থিয় কৰায়। দুয়োটা উন্মাদ হাতী দেখাদেখি হোৱাৰ লগে লগে যুঁজ আৰম্ভ হয়। দাঁতে দাঁতে লাগি হোৱা শব্দত গোটেই পৰিবেশ ৰজনজনাই গৈছিল মুখেৰে, শূৰেৰে আৰু ভৰিৰে বিভিন্ন কৌশল প্ৰয়োগ কৰি হাতী দুটাই প্ৰাণপণে যুঁজ দিয়ে। হাতীৰ এই যুজ দুইৰ পৰা চাৰি দণ্ড লৈকে চলে। বাহিৰৰ হাতীটো হাৰিলে ভিৰাই দৌৰ মাৰে। ভিতৰৰটো হাৰিলে খোকৰ ভিতৰত জিকা হাতীটো নেদেখাকৈ ৰখাৰ ব্যৱস্থা থাকে, তাতে ৰাখেগৈ। বাহিৰৰ হাতীটোৱে খোকত কেবাবাৰো খুন্দা মাৰি হৰা হাতীটো নেদেখি আঁতৰি যায়। যুঁজ চলি থাকোতেও মাহুত হাতীৰ পিঠিতে থাকে। যুজৰ বাবে সাজু কৰা হাতীৰ গা মৰাপাটৰ জৰিৰে ডিঙি পেট আদি কোমল অংশ ঢাকি বান্ধি ৰখা হয়। যুঁজৰ সময়ত মাহুতে সেই জৰিত ধৰি হাতীৰ পিছিৰ পৰা নপৰাকৈ থাকে। মানুহবোৰে খোকৰ ওপৰৰ পৰা বা ৰংঘৰৰ পৰা হাতী যুঁজ চায়।

নেকৈ হাতীৰ যুঁজ চলি থাকোঁতে হৰা হাতীটোক জিকা হাতীটোৱে মাউটেৰে সৈইতে মাৰি পেলোৱাৰ দৃষ্টান্তও আছে এনেবোৰ হৃদয়বিদাৰক ঘটনা সকলোৰে সন্মুখতে ঘটি গৈছিল। খোকত ৰখা  বলিয়া হাতীৰ মাহুতটো হাতীৰ বলিয়ালি নুগুচালৈকে খোকৰ ভিতৰতে থাকে বলিয়া হোৱা হাতীৰ ডিঙিত গজ-ঘন্টা বন্ধা থাকে। হাৰি পলাই যোৱা বলিয়া হাতীৰ পৰা সেই গজ-ঘন্টাৰ মাত বহু দূৰৰ পৰা শুনা যায় আৰু সেই ঘন্টাৰ শব্দ শুনি মানুহ সচেতন হৈ নিৰাপদ ঠাইত আশ্ৰয় লয়। খোকৰ বাহিৰৰ হাতীটো হাৰি পলাই গলে হাতীৰ পিঠিত থকা মাহুতো পিঠিতে থাকি যাব লগা হয়। কাৰণ হাতীয়ে যদিও মাহুতৰ কথামতে উঠ-বহ কৰে, বলিয়া হোৱাৰ পিছত কাকো চিনি নোপোৱা হয় তেনে মাহুতক খোৱা বস্তু গছৰ ওপৰত উঠি থাকি যোগান ধৰিছিল। কেতিয়াবা তেনে হাতী হাবিলৈ লৰ মাৰে। সেই পৰিস্থিতিত মাহুতে গছৰ ডালত ধৰি গা সৰকাই গুচি আহে। হাবিলৈ গুচি যোৱা হাতীক প্ৰায় দহপোন্ধৰ দিনৰ পাছতহে বিচাৰি আনেগৈ। হাতীৰ এই উদ্মাদ অৱস্থাৰ অন্তত হাতীটো দুৰ্বল আৰু শান্ত হৈ পৰে।

The story of the mad elephant's fight:

The Ahom kings enjoyed elephant fighting once a year. There was a saying in Assamese society that male elephants go crazy in the months of January-February (Fagun-Chat). When elephant dens were opened, young widows fasted and refrained from leaving their homes or seeing mad elephants. Hitesh Barbarua's “Ahom Din” mentions that Hitesh Barbarua's “Ahom Din” mentions that – “When hemeju (himeju) accumulates on both sides of the head of an elephant in the month of Fagun-Chat, the elephant will go mad”. The reason why elephants go mad in the months of January-February every year is that in this season elephant’s reproductive hormones surge and testosterone rises to more than 100 times of normal levels. A sticky substance called temporin or himezu is also secreted from the side of the elephant's head. As a result, bull elephant behaves unpredictably aggressive during this time. They even kill animals they find nearby and break trees and show madness. This periodic condition of the elephant is called musth. Elephants begin to secrete temporin between the ages of twenty-five and thirty. In that state of elephant, when two male elephants face each other, a fight is inevitable. The Ahom kings organized the battle of the elephants in that stage.

                                                                            


The king builds a strong nook like an elephant’s stable to keep the mad elephant. Inside the nook, along with the mad elephant his mahout was also kept locked. Outside the nook, another Mahut brings a mad elephant and stands for fighting. As soon as the two mad elephants meet, the fight begins. The whole atmosphere was filled with the friction sound of the tusk. The two elephants fight desperately using various techniques with their trunk, mouth, and feet. The elephant fight lasts from two to four hours. When the outside elephant loses, he runs away. If the inner one loses, he is kept out of sight inside the cage from the winning elephant. The elephant from outside generally hit the nook several times and left the place with triumph. Both the Mahut remains on the back of the elephants during the fight. The body of the elephant is tied with jute rope to cover the soft parts such as the neck and abdomen. During the fight, Mahut holds the ropes to keep himself falling off from the elephant. People watch the elephant fights from the top of the nook or from the arena or Rongghar. 

There are also examples of elephant fights where the losing elephant is killed by the winning elephant along with his mahout. Such a heartbreaking incident happened in front of everyone. The mad elephant with the mahout remains inside the nook until his madness disappears.  All mad elephants has a bell tied around its neck. The sound of the bell can be heard from a distance and people become aware of it and take refuge in a safe place. If the elephant outside the cage loses and runs away, the mahout still remains on its back. Although the elephant moves according to the command of the mahout, it does not recognize anyone after becoming mad. In such circumstances, mahouts were fed by climbing trees. Sometimes such elephants run into the forest. In that situation, Mahut slipped away by grabbing a tree branch. The elephant that went into the forest is brought after about ten to fifteen days. After this frenzy, the elephant becomes weak and calm.

                                                                             



 

No comments:

Post a Comment

Mail Dacoity in Surma Valley

[11] UNDERGROUND RESISTANCE MOVEMENT IN ASSAM FROM 1921 TO 1947:  Mail Dacoity in Surma Valley A series of mail robberies were Committed b...