Tuesday, August 30, 2022

The first narrative of the origin of the Ahom kings : আহোম স্বৰ্গদেওসকলৰ উৎপত্তিৰ প্ৰথম আখ্যান

 

আহোম স্বৰ্গদেওসকলৰ উৎপত্তিৰ প্ৰথম আখ্যান -

আহোম ৰজাসকল যে দেৱৰাজ  ইন্দ্ৰ্ৰ (লেংডন)ৰ বংশধৰ এই কথা প্ৰতিপন্ন কৰিবলৈ 

হিন্দুমতে পাচ প্ৰকাৰৰ আখ্যান পোৱা যায়। সেই আখ্যান সমূহৰ প্ৰথম আখ্যানটো হল,- 

বশিষ্ঠ মূনিৰ অভিশাপ।

অযোধ্যৰ সূৰ্য্যবংশৰ ৰজাসকলৰ কূল পুৰুহিত  বশিষ্ঠ মুনিয়ে দিখৌ নদীৰ উৎকেন্দ্ৰত 

বাৰানসীৰ দৰে এখন পবিত্ৰ ক্ষেত্ৰ নিৰ্মাণ কৰি তাত তপস্যা কৰাৰ কথা ভাবিছিল। তেওঁ নদী 

খনৰ নামো বশিষ্ঠ গঙ্গা নাম দিবলৈ মনস্থ  কৰিছিল। মুনিয়ে দিখৌ নদীৰ উত্তৰ খণ্ডত দুই 

ক্ৰোশ (চাৰি ডাঁৰ বেলিৰ বাট, কোনোৰ মতে,  ৮০০০ হাতৰ দূৰত্ব) এলেকা সামৰি এহেজাৰ 

শালগ্ৰাম পুতিলে। মাজভাগত লক্ষীনাৰায়ণ  শালগ্ৰাম পুতি চৌপাশে কুশ, তুলশী, আমলখি 

আৰু আঁহত গছ ৰুলে। তাৰ পিছতে বশিষ্ঠ  মূনিয়ে, তপস্যা কৰিবলৈ বহিল। স্বৰ্গৰাজ ইন্দ্ৰই 

মুনিয়ে অসংখ্য লোকক স্বৰ্গলৈ নিব বুলি শংকিত হৈ মেঘক বৰষুণ দিবলৈ আজ্ঞা দিলে। 

মেঘে আজ্ঞা পাই ডাঙৰ বৃষ্টিপাতেৰে বানপানীৰ সৃষ্টি কৰি নদীৰ কাষ বুৰাই সকলো পূজাৰ 

সামগ্ৰী উটাই নিলে। বশিষ্ঠ মূনিয়ে  ধ্যানৰ জৰিয়তে গম পালে যে, সেয়া ইন্দ্ৰ দেৱতাৰ কাৰ্য্য। 

সেই কথা জানিব পাৰি বশিষ্ঠ মূনিয়ে ইন্দ্ৰক শাপ দিলে – তোৰ ম্লেচ যোনিত জন্ম হৌক। 

দিখৌ নদীখনকো শাপ দিলে – তই বিষ্ঠা মূত্ৰ বিহিনী হবি, তোৰ তীৰত ম্লেচ লোকে নিবাস 

কৰিব, শক্তি ৰাস হৈব, তীৰকো খহাব নোৱাৰিবি। তোৰ তীৰত যি নৰে প্ৰাণ চাৰিব সেয়ো 

প্ৰেত হুইব। লক্ষী নাৰায়ণ শালগ্ৰামকো তুলি আনি শাপ দিলে – ইমানতো তোৰ একো 

প্ৰভাৱ নহ ল, তোকো ম্লেচ ৰাজগণে গোমাংশ, শুকৰ-মাংস, সুৰায়েৰে গুপ্তভাৱে থৈ পূজা 

কৰিব। ম্লেচ ভাষাত তোৰ নাম চোম হৈব। ইন্দ্ৰ দেৱতাই বশিষ্ঠ মূনিৰ অভিশাপৰ বিষয়ে 

জানিব পাৰি ভৰিত পৰি তুতি কৰিব ধৰিলে। দিখৌ নদীয়েও মুনিক তুতি কৰিব ধৰিলে। 

তেঁওলোকৰ তুতিত সন্তুষ্ট হৈ মুনিয়ে ইন্দ্ৰক কলে – আগে যি বুলিলো সমূদায় দোষ গুচাব 

নোৱাৰোঁ। তত্ৰাপি ম্লেশ নাৰীত বীৰ্য দান কৰি পুনৰ স্বৰ্গলৈ যাবি, কিন্তু পুত্ৰৰূপে ম্লেচ শৰীৰক 

ধৰিবি। নদীকো কলে - কলি যুগৰ ১০,০০০ (দহ হাজাৰ) বৎসৰ গৈলে তোৰ শাপ গুচিব। 

এই বুলি মুনিয়ে সেই ঠাইত আশ্ৰম নাপাতি কামৰূপৰ ভিতৰুৱা ঠাইত পৰ্ব্বতৰ মাজত 

আশ্ৰম পাতি থাকিল।

শ্যামা বিদ্যাধৰিৰ মানৱী জনম- বশিষ্ঠ মূনিৰ শাপৰ পৰা মূক্ত পাবলৈ দেৱৰাজ ইন্দ্ৰই 

শ্যামা বিদ্যাধৰীক আদেশ কৰি কলে যে, বশিষ্ঠ মূনিয়ে মোক ম্লেচ শৰীৰ ধাৰণ কৰিবলৈ শাপ 

দিছে। গতিকে তুমি মিনাচল পৰ্ব্বতত বাস কৰা চেঙ্গটাম নৰা ৰজাৰ ভাৰ্য্যা হৈ থাকাগৈ। মই 

তোমাৰ গৰ্ভত বীৰ্যদান কৰি স্বৰ্গলৈ আহিম। পুত্ৰৰপে মই ম্লেচ ৰজা হৈ ৰাজ্য প্ৰতিপাল 

কৰিম। শ্যামা বিদ্যাধৰীয়ে ইন্দ্ৰৰ আজ্ঞামতে চেঙ্গতাম নৰা ৰজাৰ মন্ত্ৰী চাংড়াম আৰু তেওঁৰ 

পত্নী কুড়েমাল্কা কন্যা নাঙ্কক্থামছেন হৈ জন্ম ললেগৈ।


স্বৰ্গনাৰায়ণদেৱৰ জন্ম – কুড়েমাল্কা ৰূপ দেখি চেঙ্গটাম নৰা ৰজাই নি ভাৰ্য্যা কৰিলেগৈ। 

এদিন কুড়েমাল্কাৰ ঋতুস্নানৰ সময়ত ৰজাই পশু মাৰিবলৈ যাঁওতে ইন্দ্ৰই স্বামীৰ বেশ ধৰি 

ৰমণ কৰি স্বপ্ন দেখালে যে – তোমাৰ গৰ্ভত যি পুত্ৰ জন্ম হব সেয়া মোৰেই অৱতাৰ। নাম 

স্বৰ্গনাৰায়ণ ৰাখিবা, ভৱিষ্যতে এজন পৰাক্ৰমী ৰজা হব, বুলি কৈ ইন্দ্ৰ স্বৰ্গলৈ গুচি গল 

(১০৮০ শকত)। কুড়েমাল্কাই নৰা ৰজাক সকলো কতা ভাঙি-পাতি কলে। নৰা ৰজাই শুনি 

মিনাচল পৰ্ব্বতৰ ওখ টিং এটাত চাংঘৰ সাজি দাস দাসীৰে হৈতে ৰাখিলে।

১০৪১ শকৰ এক শুভ দিনত কুড়েমাল্কাৰ এটা পুত্ৰসন্তান জন্ম হল। নৰাৰজাই সোণৰ 

জখলাৰে পুত্ৰ-ভাৰ্য্যা দুয়োকে নমাই আনিলে । পুত্ৰৰ নাম পৰম্পৰা মতে ৰাখিলে 

চাচ্ফাঁশক্তা আৰু ইন্দ্ৰৰ আদেশ মতে নাম ৰাখিলে স্বৰ্গনাৰায়ণ। ১০৫৯ শকত চেঙ্গতাম নৰা 

ৰজাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত চাচ্ফাঁশক্তা বা স্বৰ্গনাৰায়ণ ৰজা হয়। অসমত আহোম 

শাসন প্ৰবৰ্তন কৰা চ্যুকাফা তেওঁৰে বংশধৰ আছিল বুলি বৰ্ণনা কৰা আছে।  

 দ্বিতীয় আখ্যান (আগলৈ)

 

The first narrative of the origin of the Ahom kings

There are five types of legends in Hinduism to prove that the Ahom kings were 

descendants of the god Indra (Landon). The first of those narratives is the curse of Basishta-

muni. Basishta -muni, the family priest of the Solar king of Ayodhya, thought of building a 

holy place like Varanasi at the source of the Dikhou River and performing penance there. 

He also decided to name the river Bashishta Ganga. He placed a thousand shalgrams (a 

kind of ammonite or fossil shell found in the river Gandak  and worshipped by the Hinus

as an emblem of Vishnu) in the upper part of the stream covering an area of ​​two kroshas 

(four dandas or a distance of 8,000 cubits). In the centre of the area, a Lakshinarayan 

Shalgram was installed and planted Kush, Tulsi, Amlakhi and Ahat trees around it. Then 

the sage Basishta sat down to perform penance. Indra, the king of heaven, feared that the 

sage would take many people to heaven and ordered the clouds for heavy rain. The clouds 

obey the command and caused a flood with heavy rains, flooding the river banks and 

washed away all the objects of worship. Basishta Muni learned through meditation that it 

was the work of Indra. He cursed Indra, – “You will be born of the vagina of a woman of 

the Mlecha  ”. He also cursed the river Dikhou – “You will become devoid of excrement 

and urine, your banks will be inhabited by the wicked mlecha, your strength will be lost, 

and you will not be able to erode the banks. Whoever dies on your shore will become a 

ghost.” He also picked up Lakshi Narayan Shalgram and cursed himctoo, “You have no 

effect so much. The Mlecha kings will secretly worship you with beef, pork and wine. Your 

name will be Chom in the Mlecha  language.” When Indra learned of the curse of Basistha, 

he fell at his feet and began to praise him. The river Dikhou also began to praise the sage. 

The sage was satisfied with their praise and said to Inandra, “What I have said before 

cannot remove. There you will go back to heaven by giving semen to a dead woman, but 

you will take on a dead body as a son.” He also told the river, "Your curse will be removed 

after 10,000 (ten thousand) years of Kali Yuga. Therefore, the sage evacuate the place and 

he established an ashrama in a place in Kamrup surrounded by mountains.


Shyama Vidyadhari's human birth -  To free from the curse, Indra, the king of the gods, 

ordered Shyama Vidyadhari  -  go and stay as the wife of King Chengtam Nara, who lives 

in the Minachal Mountains. I will sperm in your womb and will come to heaven. I will rule 

the kingdom as a son of you. According to Indra’s command, Shyama Vidyadhari was born 

as Nankakthamsen, the daughter of Changram, a minister of the king of Chengtam Nara, 

and his wife Kudemalka, at the behest of Indra. Kuremalka was very beautiful. So the king 

of Chengtam Nara took her and made her his wife. One day, while the king was went for 

hunting during her menstrual bath, Indra disguised himself as his husband and  slept with 

her. Also, Indra gave her a dream that the son who would be born in your womb would be 

my incarnation. After that Indra went to heaven (1040 AD) saying that he would become a 

mighty king in the future. Kudemalka told everything to the king. The king of Nara heard 

this and built a hut on a high hill in the Minachal Mountains and kept her with with all 

essentials including maid.

On an auspicious day in 1041, a son was born to Kudemalka. The king brought down both 

his son and wife by a golden ladder. The son was named Chachfanshakta according to 

tradition and Swarganarayana according to the order of Indra. In 1059, King Chengtam 

Nara was died. After his death, Chachphashakta or Swarganarayana became king. It is said 

that Sukapha, who established the Ahom rule in Assam, was a descendant of him.

 Second narrative (continued)

                                                                            

                               







No comments:

Post a Comment

Mail Dacoity in Surma Valley

[11] UNDERGROUND RESISTANCE MOVEMENT IN ASSAM FROM 1921 TO 1947:  Mail Dacoity in Surma Valley A series of mail robberies were Committed b...