Sunday, August 28, 2022

Shen-Mela Ceremony of Ahom Period : আহোম দিনৰ শেন-মেলা উৎসৱ

  Shen-Mela Ceremony  of Ahom Period : আহোম দিনৰ শেন-মেলা উৎসৱ

আহোম ৰজাসকলে যিবিলাক ৰাজসিক আনন্দোৎসৱ পাতিছিল, তাৰ ভিতৰত শেন-মেলা, পশু-যুজ আদিয়েই প্ৰধান আছিল। এই উৎসৱ ৰজা প্ৰজা সকলোৱে উপভোগ কৰিছিল, আৰু উৎসৱৰ সফল প্ৰতিযোগীসকলক ৰজাই পুৰস্কৃত কৰিছিল। নিৰূপিত দিনৰ আগতে ৰজাৰ সকলো বিষয়া, আৰু নগৰৰ চাৰিওফালৰ প্ৰাজাবোৰকো উৎসৱৰ দিনটো জনোৱা হৈছিল।  ৰজাৰ বিষয়াৰ পৰিয়ালকে ধৰি নগৰৰ ভিতৰৰ আৰু নগৰৰ বাহিৰৰ সকলো প্ৰজা, ডেকা-বুঢ়া, লৰা –ছোৱালী উৎসৱ ঠাইত গৈ , উৎসৱ উপভোগ কৰিছিল। আহোম দিনৰ গুত্বপূৰ্ণ উৎসৱ সমূহৰ ভিতৰত শেন-মেলা উৎসৱ বৰ জনপ্ৰিয় আছিল। 

শেন-মেলা- শেন এবিধ ঈগল প্ৰকৃতিৰ চৰাই। শেন চৰায়ে বহু ওপৰৰ পৰা চিকাৰ চিনিব পাৰে আৰু ক্ষীপ্ৰ গতিৰে চোঁ মাৰি আহি চিকাৰ ধৰে।  শেন চৰাইৰ চিকাৰ ধৰা প্ৰনালীটো বৰ উপভোগ্য। ইয়াৰ ধাৰাল আৰু দীঘল দীঘল নখ বোৰেৰে খামুচি পলাব নোৱাৰাকৈ চিকাৰ ধৰে , কিন্তু চিকাৰটো মাৰিবলৈ কোনো ঠাইত বহি ঠোটেৰে খুটিয়াই মাৰে। শেনৰ এই  চিকাৰ ধৰাৰ বৈশিষ্ট্য চাবলৈকে আহোম ৰজাই  শেন চোৱা নামৰ এটা খেল প্ৰবৰ্তন কৰি শেন পুহিবলৈ আৰু প্ৰশিক্ষণ দিবলৈ নিয়োগ কৰিছিল। এই শেনচোৱা সকলে শেন পোহপাল আৰু প্ৰশিক্ষণ দিয়াটো বাধ্যতামূলক আছিল। শেনচোৱা সকলৰ ওপৰত শেনচোৱা বৰুৱা নিয়োগ কৰা হৈছিল।  শেন চৰাই মেলি কণুৱা চৰাই ধৰা দৃশ্য আহোম ৰজাৰ লগতে প্ৰজাসকলেও উপভোগ কৰি বৰ ভাল পাইছিল। শেন-মেলা খেল জাৰকালি পুহ-মাঘ মাহত পাতে।  কাৰণ জাৰকালিহে জাকে জাকে  কণুৱা চৰাই মাছ খাবলৈ আহে।  শেন-মেলা খেলৰ বাবে কণুৱা চৰাইৰ চৰনীয়া ঠাই বাচি লোৱা হয়। যাক "চৰাই চোঙ্গ" বোলা হয় ।  কণুৱাই খাবলৈ সেই ঠাই সমূহত সৰু মাছ  হাতত লৈ কিছুমান মানুহে চিঞৰি চিঞৰি কণুৱা মাতে । লাহে লাহে সেই মাত কণুৱাবোৰে চিনি পাব ধৰে আৰু মাত শুনাৰ লগে লগে জাকে জাকে সৰু মাছ খাবলৈ সেই ঠাইলৈ উৰি আহে।  এইদৰে,  কণুৱা মাতিবলৈ  ছয়-সাত ঠাইট সৰু মাছ উপলব্ধ কৰি দিয়া হয়।  এই কাম "চৰাই চুঙ্গী" নামৰ বিষয়াই তদাৰক কৰে।

শেন চৰায়ে কণুৱা ধৰিব পাৰিবনে নাই তাৰো পৰীক্ষা কৰি চোৱা হৈছিল। শেনৰ এই পৰীক্ষাক বাউলি দিয়া বোলে।  বহুদিন  শেনচৰাইটো প্ৰশিক্ষণ দিয়াৰ পিছতো বহু ক্ষেত্ৰত শেন চৰাই মেলি দিলে উৰি গুছি যায়। তেতিয়া সেনচোৱাৰ সময় আৰু কষ্ট অথলে যায়। সেয়েহে, প্ৰথমে শেন চৰাইটোৰ চকুৰ ঢাকণি গুচাই, ভৰিত সূতা বান্ধিহে এৰি দিয়ে।   কিছু দূৰত পাৰ চৰাই এটা বান্ধি থৈ ভৰিৰ ৰচিডাল  এৰি নিদিয়াকৈ বান্ধি থোৱা পাৰ চৰাই মাৰিবলৈ এৰি দিয়ে। যদিহে শেনটোৱে পাৰ চৰাইটো মাৰি পুনৰ ঘুৰি আহে তাৰ ভৰিত দীঘল সূতাডালৰ সলনি চুটি সূতা বা ৰচি বান্ধি পাৰ মাৰিবলৈ এৰি দিয়ে। ভৰিত চুটি ৰচি আৰু মানুহৰ সমাগমৰ মাজতো পাৰ মাৰি আহি পুনৰ প্ৰশিক্ষকৰ কাষলৈ উৰি আহিলে শেন মেলা খেলৰ বাবে প্ৰস্তুত হৈছে বুলি ধৰা হয় ।

শেন মেলা উৎসৱ চাবৰ বাবে ৰজাই চৰাই চুঙলৈ যায়, যত সৰকৈ কণুৱা চৰাই গোট খাই থাকে। শেনচোৱাই শেন মেলিবলৈ  প্ৰস্তুত হোৱাৰ পিছতে কণুৱা চৰাইবোৰ হুৰাই উৰোৱাই দিয়া হয়। যেতিয়া কণুৱা চৰায়ে আকাশত উৰি ফুৰিব তেতিয়াই শেন চৰাইটো মেলি দিয়ে।  ভাল শেন চৰায়ে আকাশত কণুৱা ধৰি নামি আহে । তেতিয়া প্ৰশিক্ষক শেনচোৱাই  কাপোৰ  মেলি শেনটো ধৰে।  শেনটোক অলপ সময় কণুৱাৰ মাংস খাব দি তাৰ ঠোট কুহুমীয় পানীৰে ধুই জালুক, পিপলি , ভজা কুমটি ইত্যাদি খুৱায়।  এনে শেনৰ প্ৰশিক্ষকক ৰজাই উপহাৰ দিয়ে।  আৰু শেনচোৱাই ৰজাক কয় – স্বৰ্গদেও ইশ্বৰ ! বন্দীয়ে আগেয়ে নকৈছিলো , বোলো শেনৰ এইবেলি একজাত  এই কথাসাৰ শেনচোৱা আৰু শেনচোৱা বৰুৱাই ৰজা আৰু ডা-ডাঙৰীয়াই শুনাকৈ গোটেই সময়চোৱাত কৈ থাকে। 

কিছুমান শেন চৰায়ে এটাতকৈ অধিক কণুৱা মাৰে। সেই আঘাটপ্ৰাপ্ত কণুৱাবোৰ আকাশৰ পৰা সৰি পৰা দৃশ্য চাই খেল চাবলৈ অহা ৰজা –প্ৰজাৰ মাজত আনন্দৰ ৰোল উঠে। কেতিয়াবা কোনো কোনো  শেন চৰাই কণুৱা ধৰাৰ পিছত ঘুৰি নাহে। শেনটো ঘুৰি আহিব বুলি ৬ দণ্ড এক প্ৰহৰ বাট চায়। তাৰ পিছত শেন ঘুৰি নাহে বুলি ধৰি লয়।  এনে শেনচোৱাক শাস্তি হিচাপে বাক-ঢকা মৰা হয়।  ঘুৰি নহা শেন বিচাৰি শেনচোৱাই কাষৰ গাওবোৰত শেন- উ, শেন-উ বুলি মাতি ফুৰে। কেতিয়াবা ভাগ্যত থাকিলে শেন ঘুৰাই পায়।  প্ৰতি চৰাই চুঙত  ২/৩ বাৰ শেন মেলে। মাঘৰ পৰা চত –বহাগ মাহলৈকে এই  উৎসৱ চলে।         *****

Hawk-opening ceremony (Shan Mela Utsav) of Ahome Period

The royal festivals held by the Ahom kings included Hawk-opening ( shen-mela) and animal fights. The festival was enjoyed by the king and his subjects together, and the successful contestants were rewarded by the king. Before the appointed day, the entire king's officials and the people around the city were told about the festival.  All the people inside and outside the city, young and old, children, including the families of the king's officials, went to the festival place and enjoyed it. Among the important festivals of the Ahom days,  the most popular festival  was  the  Hawk-opening ( shen-mela).

 Hawk-opening ceremony (Shan Mela Utsav)- Hawk is a species of eagle. Hawk can recognize prey from a distance and come at high speed to catch prey. The way the hawk hunts is very enjoyable. It grabs prey with its sharp and long claws so that it cannot escape, then sits down and tear with its beak to kill it. The Ahom king introduced a fraternity (khel) called Shanchowa to tame and train hawks for game. Over the Shenchowas an

 officials called Shenchowa Barua  were also appointed. The Ahom kings and subjects enjoyed the scene of opening the hawk (Shen –mela )and crane hunting. The Shen-Mela game is held in the winter months of December and January (Puh-Magh). This is because the migrated bird cranes come in flocks to eat fish only in winter. Some places are selected for the Shen-mela game, where cranes come to eat fish. Such places are called "Charai Chung" meaning where bird is available. Some people call cranes with small fish in their hands to eat. Gradually, the cranes recognize the sound and as soon as they hear the sound, they fly to the spot to eat the small fish. Such, six or seven places are chosen and small fish are made available for cranes. This activity is supervised by an officer called "Charai Chungi".

Hawks were also tested to see if they could catch cranes or not. Hawk's test is called "bawli-diya". After a long time of training, in many cases the hawk flies away when released. In such case, Shenchwoa's times and efforts are wasted. Therefore, the Hawk is first removed from its eyelids and released with thread tied to its legs. They tie up a pigeon at some distance and release the hawk to kill the tied pigeon without releasing the leg rope. If the Hawk kills the bird and comes back, they tie a short thread or rope to its leg instead of the long one and let it to kill tied pigeon. After killing the pigeon in the presence of gathering of people, if the hawk flies back to the trainer despite the short rope on its legs , it is considered ready for the Hawk-opening or Shen-Mela game.

The king goes to the Charai-Sung to enjoy the Hawk- opening or Shen-mela game, where most of the cranes gather. After the Shenchowa is ready to launch the Hawk, the birds are flown away. When the crane is flying in the sky, the hawk is release to catch cranes. A good Hawk comes down with a crane from the sky. Then the trainer Shenchowa opens his hands with a clothes and grabs the Hawk. The hawk is fed crane meat for a while; then its beaks are washed with hot water and fed black pepper, long pepper, fried crickets, etc. As a reward, the king give gifts to the Senchowa. The Senchowa and the Sensowa Barua then said to the king, “ OHeavenly God! The prisoner didn’t say it before, the hawk is different in this year” (Swargadeo Iswar ! bandiye Ageye nakoisilu, bulu shenar eibeli ejat” ). These are the words the Senchowa and the Senchowa Barua saying repeatedly over and over in the entire time, so that the king and the nobles can hear them.

Some hawks kill more than one crane in  the sky. There is a lot of joy among the kings and subjects who come to watch the game when they see the injured birds fall from the sky. Sometimes, some hawks do not return after catching a crane. They waits for about one forth of a day or ekprahar, chay-danda, for the hawk to return. Then they assume that the hawk doesn't come. Such Shenchowa are beaten as punishment called bagh-dhaka (a severe stroke with the palms of both the hands joined together). In search of the hawk that has not returned, the Shenchwoa searches the nearby villages for the hawk, calling them ‘shen-o, shen-o’; sometimes they get the hawk back. The Shen-Mela game is played from January to March-April ( Magh- Chat-Bahag).





No comments:

Post a Comment

Mail Dacoity in Surma Valley

[11] UNDERGROUND RESISTANCE MOVEMENT IN ASSAM FROM 1921 TO 1947:  Mail Dacoity in Surma Valley A series of mail robberies were Committed b...