Thursday, September 8, 2022

Kirti Chandra Barbarua and the Chakari-Feti Buranji (King-cobra history) : কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু চকৰী-ফেটি বুৰঞ্জী

 

কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু চকৰী-ফেটি বুৰঞ্জী 

অসম বুৰঞ্জী জনা সকলো লোকেই  কীৰ্তীচন্দ্ৰ বৰবৰুৱাৰ কু-কীৰ্তিসমূহৰ ভিতৰত অসমবুৰঞ্জী দাহ যজ্ঞ কাৰ্য্যকেই আটাইতকৈ বেছি নিন্দা কৰে। ড০ সূৰ্য্যকুমাৰ ভূঞাদেৱে কৈছে- এজন মানুহৰ মৃত্যুত যিমান হানি, এখন বুৰঞ্জী নষ্ট হলে তাতোতকৈ অধিক ক্ষতি।কাৰণ সেই বুৰঞ্জীৰ নিমাত পত্ৰাৱলীত দেশৰ ৰ্ব্বকালৰ ৰজা-প্ৰজাৰ বিবিধ কাহিনী সংৰক্ষিত হৈছে। মানুহৰ মৃত্যু অনিবাৰ্য ; কিন্তু নিজৰ কাৰ্য্যাৱলীৰ দ্বাৰা মানুহে চিৰজীৱন লাভ কৰে। এই চিৰজীৱনৰ আধাৰ হৈছে বুৰঞ্জী।

আহোমসকলে অসমলৈ অহাৰ আগৰ পৰাই বুৰঞ্জী লিখা প্ৰচলিত আছিল। সেয়েহে আহোম ৰজা সকলৰ ৰাজত্বকালৰ বিষয়ে অধ্যয়ণ কৰিবলৈ ৎসৰ অভাৱ নহয় আৰু সেই সময়ৰ ঘটনাৰাজি ক্ৰম অনুসৰি পোৱা যায়।  আহোম দিন+-ত আজিকালিৰ দৰে লিপিবদ্ধ আইন বা শাসনপ্ৰণালী নাছিল। তেতিয়া পূৰ্ব্বৰ পৰা প্ৰচলিত নিয়ম অনুসৰণ কৰাই একমাত্ৰ পন্থা আছিল। সেয়েহে, ৰাজ্য শাসন কৰিবলৈ হলে পূৰ্বৰ মত, পূৰ্ব সিদ্ধান্ত, পূৰ্বৰ নীতি এইবোৰৰ সাম্যক জ্ঞান থকা উচিত। এই কাৰণে ৰাঁজকোৱৰ আৰু বিষয়া আদিৰ লৰাক ৰাজকাৰ্য শিক্ষা দিয়াৰ প্ৰধান ভেটি আছিল বুৰঞ্জী যিসকলে বুৰঞ্জী পঢ়িব নেজানিছিল তেওঁলোকক সাধুকথাৰ দৰে বুৰঞ্জী শিক্ষা দিয়া হৈছিল। এইদৰে বুৰঞ্জী কোৱা প্ৰথা  আহোমসকলৰ বিয়াৰ সময়তো আছিল। দৰা আৰু কইনা দুয়ো ঘৰৰে বুৰঞ্জী কোৱা হয়।

            

আহোম দিনত বুৰঞ্জী অকল ৰজাঘৰতেই লিখা হৈছিল এনে নহয়। সম্ভ্ৰান্ত লোকেও পণ্ডিত আনি নিজৰ ঘৰত বুৰঞ্জী লিখোৱাইছিল। সেয়েহে একেটা ঘটনাৰ বিৱৰণ বিভিন্ন বুৰঞ্জীত পোৱা যায়। কিন্তু, ঘটনা সমূহ হুবহু একে ধৰণে বুৰঞ্জীসমূহত উল্লেখ পোৱা নাযায়। এই পৃথক পৃথক বুৰঞ্জীসমূহ একেখন বুৰঞ্জীত সুমুৱাই এখন অসম বুৰঞ্জী প্ৰস্তুত কৰাটো একেবাৰেই সহজ নহয়।

বুৰঞ্জীবোৰত ৰজা-প্ৰজা আৰু বিষয়াসকলৰ ভাল বেয়া সকলো কথা লিপিবদ্ধ কৰা হৈছিল। তাৰ বাহিৰেও কোনোবা লেখত লবলগীয়া পৰিয়ালে ভাল কাম বা বেয়া কাম কৰিলে সেয়াও বুৰঞ্জীত ঠাই পাইছিল। সেইদেখি বাঁহগৰীয়া বুঢ়াগোঁহাই ডাঙৰীয়াই নিজৰ বুৰঞ্জীৰ আদিতে নিখিছে, - আক বিশ্বাসে ৰাখিব। অবৈৰ মিত্ৰ হয় যদি তাকেহে বিশ্বাসে দেখাব। ৰাজাৰ ৰহস্য পণ্ডিতৰ বাধা। অৰ্ঠা, আগৰ দিনত বুৰঞ্জীক এবিধ গুপ্তশাস্ত্ৰ বুলি ধৰিছিল। বুৰঞ্জীত লিপিবদ্ধ কথাখিনি ভালকৈ অনুধাৱন কৰিব নোৱাৰিলে পৰিয়ালবোৰৰ ভিতৰত বা ইজনে সিজনৰ লগত দন-হাই-কাজিয়া হোৱাৰ সম্ভাৱনা। যদিও ইয়াক গোপনে ৰাখিব বুলি লিখা থাকে কিন্তু দ্বিতীয় এজনে পঢ়াৰ পিছত দহজনৰ মাজত প্ৰচাৰ হোৱাটো অনিবাৰ্য্য। কোনো পৰিয়ালৰ লোকে তেওঁলোকৰ অপ্ৰিয় সত্য বুৰঞ্জীৰ পাতত লিপিবদ্ধ হোৱা বুলি গম পালে সেই পৰিয়ালৰ সদস্যই বুৰঞ্জী  লেখকক প্ৰতিশোধ লবলৈ চেগ চাই থাকিব। সেয়েহে আহোম যুগৰ বুৰঞ্জীত লেখকৰ নাম নাথাকে।

ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত লাইথেপেনা বৰগোঁহাইৰ নাতিয়েক নুমলী বৰগোঁহাই ডাঙৰীয়াই নিজে বা পণ্ডিতৰ দ্বাৰা চকৰী ফেটী নামে এখন বুৰঞ্জী লিখি উলিয়াইছিল। এই চকৰী ফেটী বুৰঞ্জীখন সৰল বুৰঞ্জী  নাছিল। চকৰী-ফেটী সাপৰ দৰে শত্ৰুক চল পালেই খোটমৰা ধৰণৰ আছিল। কুৰুচিপূৰ্ণ অশ্লিল কথাও নিৰ্বিচাৰে লিপিবদ্ধ কৰিছিল। স্বৰ্দেও জয়ধ্বজ সিংহৰ সন্তান নাবালিকা কন্যা ৰমণি গাভৰুক মোগল পাদশ্বাহৰ অন্তিষপুৰলৈ লৈ যাওঁতে বাটত নবাব মিৰজুমলা, দিলাল খাঁ পাঠান আৰু তেওঁৰ লগৰ বাইশজন উমৰাও মিলি তিনিমাহকাল ধৰি জাতিভ্ৰষ্ট কৰাৰ বিৱৰণ অতি কদৰ্যভাৱেৰে এই চকৰী ফেটী বুৰঞ্জীত লিপিবদ্ধ কৰিছে

চকৰী ফেটী বুৰঞ্জীত বকতিয়ালৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱৱাৰ পৰিয়ালটোক জলমবটা দৰ্জী বা গৰীয়াৰ ঘৰৰ বুলি উল্লেখ কৰিছিল। লগতে কীৰ্তিচন্দ্ৰ বৰবৰুৱৱা প্ৰকৃততে আহোম নহয় বুলি বক্ৰ ভাৱে বুজাবলৈ ইয়াত চেষ্টা কৰা হৈছিল। মানুহৰ মাজত তেওঁ প্ৰকৃত আহোম নহয় বুলি বু-বু বা-বা হবলৈ ধৰিলে। প্ৰতাপী কীৰ্তিচন্দ্ৰ বৰবৰুৱৱাৰ খঙ আৰু অপমানত নড়াদেশৰ পৰা মানুহ আনি তেওঁ যে প্ৰকৃত আহোম ঘৰৰ লৰা আৰু দেওসঁচ টাই জাতিৰ মানুহ তাক প্ৰমাণ দিব লগা ল। তেওঁ পোতক তোলাৰ মানসেৰে ৰজাক বোজালে যে, তেওঁৰ বাদেও অন্য পাত্ৰ-মন্ত্ৰী আৰু স্বৰ্গদেওৰো গুৰি-গোষ্ঠীৰ ওপৰত সন্দহৰ ৰঘুমেলা কথা কোনোবাখন বুৰঞ্জীত লিখিছে কিজানিবা সেই বুলি দেশৰ সকলো বুৰঞ্জী পৰীক্ষা কৰি চাবৰ মনেৰে কাকতী, কটকী, ডাঙৰীয়া , বিষয়া আৰু সম্ভ্ৰন্ত প্ৰাচীন পৰিয়ালৰ পৰা সকলো বুৰঞ্জী  পুথি আনি গোটোৱা ল। কীৰ্তিচন্দ্ৰ বৰবৰুৱৱাই ঘোষণা কৰিলে যে এই সকলোবোৰ বুৰঞ্জী গোটাই এখন ডাঙৰ বুৰঞ্জী ৰচনা কৰা হব। সেই বুলি কোৱাত মানুহবোৰে নিশ্চিন্ত হৈ ৰজা ঘৰলৈ বুৰঞ্জী পুঠি সমূহ দি পঠালে। তাৰে কিন্তু কিছুমান চতুৰ মানুহে কীৰ্তিচন্দ্ৰ বৰবৰুৱৱাৰ অভিসন্ধি হব পাৰে বুলি সংগোপনে কিছু বুৰঞ্জী লুকুৱাই ৰাখিলে।

ৰাজ্যৰ বুৰঞ্জীৰে ৰজা ঘৰ ভৰি পৰিল। বৰবৰুৱাই শিক্ষিত কাকতী আৰু বিষয়া লগাই পাত পাতকৈ বুৰঞ্জীসমূহ পৰীক্ষা কৰি চাব ধৰিলে। যিসমূহত তেওঁৰ পৰিয়ালক জলমবটা বা নকল আহোম বুলি লিখা আছিল আৰু শিবিলাকত ৰজাক কিঞ্চিত মানো বেয়াকৈ লিখিছে সকলোবোৰ আঁতৰাই থৈ পিছত দহন কৰা হল। যিবোৰ বুৰঞ্জীত একো ধৰিবলগীয়া নাছিল সেইবোৰ নিজৰ নিজৰ গৰাকীক ঘুৰাই দিলে। এই কাম কৰোঁতে বৰবৰুৱাক দুবছৰ সময় লাগিছিল। তাৰ মাজতে চকৰী ফেটী বুৰঞ্জী আচলখন ৰৈ যোৱা বুলি বহুতে দাবি কৰে। নকলকেইখনহে আনি কীৰ্তিচন্দ্ৰ বৰবৰুৱৱাৰ জুইত দিছিল বুলি বিশ্বাস কৰে। অনেদৰে বুৰঞ্জী দাহ কৰি আধাখনিয়া কৰাৰ পিছতে মানৰ আক্ৰমণ আৰু মৰাণ সকলৰ বিদ্ৰোহে দেশত বাকী থকা বুৰঞ্জীসমূহ সিচৰতি কৰি পেলালে। পৰম সৌভাগ্যৰ বিষয় যে, ইমানৰ পাছতো অসম বুৰঞ্জী কিছুমান নগাৰ চাঙ্গত , মান দেশত, গোৱালপাৰা , কোচবিহাৰ আৰু ৰংপুৰৰ পৰাও পোৱা গৈছে।  

******

Kirti Chandra Barbarua and the Chakari-Feti Buranji (King-cobra history) 

Kirtichandra Barbarua is still remembered with hatred by the people of Assam as the man who burnt the history of Assam. Dr. Surya Kumar Bhuyan says that -the loss of history is greater than the loss of a person. Because the silent pages of that history preserve various stories of the kings and subjects of the country. Human death is inevitable; but by the works of men, they shall gain eternal life. History is the basis of this eternal life.

History writing was practiced by the Ahoms before their arrival in Assam. Therefore, there is no shortage of sources to study the reign of the Ahom kings and the events are found in chronological order. There was no written law or system of governance in the Ahom period as there is today. The only way then was to follow the rules that had been in place since ancient times. Therefore, in order to govern the state, one should have a good knowledge of history i.e. previous opinions, previous decisions, and previous policies. Thus, history was the main basis for teaching the sons of princes and officers of the kingdom. Those who did not know how to read history were taught history like fairy tales. There was also the custom of telling history during the weddings of the Ahoms.

In the Ahom period, history was not written only in the royal household. Nobles also brought scholars to write history in their homes. Therefore, it is found that the same event is described in different history books in different ways. Hence, it is not easy to incorporate these different histories into a single history of Assam.

The chronicles recorded everything good and bad about kings, subjects, and officials. In addition, the good or bad deeds of a notable family were also recorded in the history. So, Bahjani Bargohain wrote at the beginning of his history, - Keep it on faith. Show it to your enemy if he is a faithful friend. The king's mystery is an obstacle to the scholar. In other words, in earlier times, history was considered a kind of esoteric scripture. If the history is not well understood, there is a possibility of quarrels within families or with each other. Although it is written to be kept secret but after the second one reads it will inevitably circulate among ten people. When a family member learns that their unpleasant truth has been recorded in the pages of history, the members of that family will look forward to taking revenge on the historian. Therefore, the author does not appear in the history of the Ahom period.

In the days of Swargadeo Rajeshwar Singha, Numali Bargohai, grandson of Laithepena Bargohai, wrote a history called Chakri-Feti (king-cobra) either by himself or by a scholar. This Chakri Feti history book was not a simple history. It was like a king-cobra snake that bit the enemy whenever it got a chance. He also recorded obscene things indiscriminately. In the Chakri-Feti records the destruction of Ramni Gavaru, the minor daughter of Swardeo Jaidhwaj Singha, by Nawab Mirjumla, Dilal Khan Pathan and his twenty-two Umraos for three months on the way to the harem of the Mughal Emperor.

The king's house was filled with the history of the kingdom. Barbaroa hired educated Kakati and officers to examine the histories page by page. Those which described his family as Jalmbata or fake Ahom and those which slightly misrepresented the king , were removed and later burnt. They returned the histories that had nothing to do with them to their owners. It took Barbaroa two years to complete the work. There are many people who claim that the original history of Chakri Fati has survived. It is believed that only the fake copies were brought and burnt by Kirti Chandra Barbarua. After this tragic incident, the invasion of the Barmese and the rebellion of the Marans scattered the remaining history books in the country. Fortunately, some of the Assamese histories have also been found in the custody of Naga people, in  Burma, and in Goalpara , Kochbihar and Rangpur.

                                                          ******

                                                                     


No comments:

Post a Comment

Mail Dacoity in Surma Valley

[11] UNDERGROUND RESISTANCE MOVEMENT IN ASSAM FROM 1921 TO 1947:  Mail Dacoity in Surma Valley A series of mail robberies were Committed b...