স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ ৰাজ্যত প্ৰথম ভ্ৰমণ
১৬৭৮ শকত স্বৰ্গদেও ৰাজেশ্বৰ সিংহই ৰাজ্যৰ নামনি অঞ্চল ভ্ৰমণ কৰি সেই ঠাইত থকা তীৰ্থস্থান সমূহ নিজ চকুৰে চাবলৈ মন কৰিলে। দেশত কোনো যুদ্ধ-বিগ্ৰহ বা বিদ্ৰোহ আদি নাই যেতিয়া স্বৰ্গদেও ভ্ৰমণত গলে ৰাজ্যৰ একো ক্ষতি নহয়। ভ্ৰমণৰ আগতে সকলো কথা জানি বুজি লৈ স্বৰ্গদেও ভ্ৰমণলৈ যাবলৈ সাজু হ’ল। তেওঁ প্ৰথমে কীৰ্তিচন্দ্ৰ বৰবৰুৱাক আদেশ দিলে যে উজনীৰ ৰংপুৰৰ পৰা নামনিৰ হাজোলৈ এঘাৰ ঠাইত বাহৰ সাজিব লাগে। যাতে স্বৰ্গদেওৱে সেইবোৰ ঠাইত ৰৈ ৰৈ তীৰ্থ আৰু মৃগয়া কৰি ভটিয়াই গৈ থাকিব পাৰে।স্বৰ্গদেওৰ আদেশ মতে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই তলত উল্লেখ কৰা ঠাইসমূহত বাহৰ সাজি সকলো সা-সুবিধা সাজু কৰি থলে। সেই এঘাৰখন ঠাই হ’ল-
১. সোণাৰি নৈ
২. গজপুৰ
৩.দেৰগাঁও
৪. বিশ্বনাথৰ টিয়াৰায়
৫. কলিয়াবৰ,
৬.
সৰিয়হতলি,
৭. বৰদোৱা,
৮. বেকী,
৯.
কালশিলা,
১০. বৰনদী আৰু
১১.
হাজো
স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ আগেয়ে এনেকৈ কোনেও ৰাজ্য ভ্ৰমণ কৰিবলৈ ওলোৱা নাছিল। স্বৰ্গদেৱে প্ৰত্যেক বাহৰত থাকি ওচৰৰ গাওঁ-ভূইৰ প্ৰজাসাধাৰণক চাই সেই ঠাই সমূহৰ তীৰ্থস্থান সমূহ দৰ্শন কৰি,
দান-দক্ষিণা আদি দি,
সুবিধা পালে পহু,
মাছ,
ম’হ আদি মাৰি আনন্দ কৰি গৈ থকাৰ পৰিকল্পনা কৰিলে। আহোম ৰজাসকলে চিকাৰ কৰিবলৈ বৰ ভাল পাইছিল। যেতিয়া ৰাজ্য সুস্থিৰ থাকে তেতিয়া স্বৰ্গদেওসকলে ধনু-কাড়
, হিলৈ আৰু চিপাহী-চন্তৰি লৈ চিকাৰ কৰিবলৈ গৈছিল। এবাৰ এনেকৈ চিকাৰ কৰিবলৈ যাওঁতে স্বৰ্গদেও গদাধৰ সিংহ নৰিয়াত পৰিল। ১৬১৬ শকৰ কথা। গদাধৰ সিংহই দিখৌ নদীৰ উজনিৰ ফালে বৰদুবিৰ কাষত পহু মাৰিবলৈ গৈ জাঙৰ শিল এটাৰ ওপৰত উঠি পহু চিকাৰ উপভোগ কৰি আছিল। এনেতে হাবিৰ মাজৰ পৰা পহু এটা জপিয়াই আহি স্বৰ্গদেও থিয় হৈ থকা শিলটোৰ ওপৰতে পৰিলহি। স্বৰ্গদেও উচপ খাই উঠিল আৰু ক্ষন্তেক পিছতে তেওঁৰ তীৰ কপে জ্বৰ উঠিবলৈ আৰম্ভ কৰাত ঘৰলৈ গুচি আহিল। সেই জ্বৰ তেওঁৰ মৃত্যুৰ সময়লৈকে নেৰিলে। অৱশ্যে জ্বৰৰ মাজতে তেওঁৰ ডিঙিত এডোখৰ ঘাঁ হৈছিল। ঘাঁ আৰু জ্বৰৰ যন্ত্ৰনাতে তেওঁ স্বৰ্গী হৈছিল।
এতিয়া আহো স্বৰ্গদেও ৰাজেশ্বৰ সংহৰ ভ্ৰমণ কাহিনীলৈ। ১৬৭৮ শকত ১৩ আঘোণৰ দিনা স্বৰ্গদেও ৰাজেশ্বৰ সংহই ৰংপুৰ এৰি সোণাৰি বাহৰলৈ যাত্ৰা কৰিলে। তেওঁৰ লগত গৈছিল,
১. কীৰ্তিচন্দ্ৰ বৰবৰুৱা, ২. ভায়েক কালশিলীয়া গোঁহাই, ৩. চাৰুসিংহ মাজু গোঁহাই ৪. ৰত্নেশ্বৰ সৰু গোঁহাই, ৫. পাটকোৱৰ আৰু তেওঁৰ পুতেক, ৬. বাজুৱা গোঁহাই আৰু তেওঁৰ ছগৰাকী ৰাণী যেনে- ৭. বৰজনা আইকোঁৱৰীদেও (বৰ-ৰাণী), ৮. পৰ্ব্বতীয়া আইকোঁৱৰীদেও, ৯. বৰমাহী কুঁৱৰী, ১০. মাহী কুঁৱৰী, ১১. ন-কুৱৰী আৰু ১২. তামুলী কুঁৱৰী, ১৩. স্বৰ্গদেৱৰ কন্যা আইদেৱটি, ১৪. চন্দ্ৰহাস চোলাধৰা ফুকন ১৫. উমা খঙ্গীয়া ফুকন, ১৬. বুঢ়া-গোঁহাই, ১৭. বৰপাত্ৰ-গোঁহাই, ১৮. সলাল গোঁহাই আৰু ১৯. মৰঙ্গী খোৱা গোঁহাই । স্বৰ্গদেওক ধৰি মুঠ ভ্ৰমণকাৰী বিশ গৰাকী আছিল।
ৰজা সোণাৰি নৈ পোৱাৰ আগতেই ৰজাৰ সৈন্য-সামন্ত,
লিগিৰা,
পাচনি আদি গৈ বাহৰে বাহৰে সকলো ঠিক-ঠাক কৰি আহিলা-পাতিৰে সাজু কৰি স্বৰ্গদেৱলৈ বাট চাই থাকিল। সোণাৰি নৈৰ বাহৰৰ পৰা ডা-ডাঙৰীয়া আৰু পৰিয়ালবৰ্গৰে গৈ খাটবৰ নামে ঠাইত স্বৰ্গদেৱে কিছুদিন থাকিল। খাটবৰত থকা সময়ত স্বৰ্গদেৱে কাষৰ ঠাই সমূহত মুকলি মুৰীয়াকৈ ঘুৰি ফুৰিছিল। তাৰ পৰা বঠাখনালৈ যায়। বঠাখনাত থাকোতে মাছ,
পহু আদি চিকাৰ কৰি আনন্দেৰে কটালে। তাৰ পৰা স্বৰ্গদেৱে ফুলবাৰীলৈ যায় আৰু তাত থকা ঠাকুৰাণীৰ মন্দিৰ দৰ্শন কৰে আৰু জনক-ৰজাৰ কুল-পুৰুহিত গৌতম মুনিৰ আশ্ৰমৰ মাজেৰে বৈ অহা পবিত্ৰ পিচলা নৈৰ পানীত স্নান কৰে। তাতে তেওঁ চৌধ্য হেজাৰ মুনিহ-তিৰোতা আৰু লৰা ছোৱালীক ধন,
সোণ,
বস্ত্ৰ আদি দান কৰে। তাৰ পৰা স্বৰ্গদেৱে বঠাখনা আৰু হাটবৰৰ বাহৰেদি ৰংপুৰ পালেহি। সেই বাৰ হাজো নাপালেগৈ। সেয়েহে ইয়াৰ এমাহৰ পাছত স্বৰ্গদেৱে পাত্ৰ-মন্ত্ৰীৰে সৈতে আকৌ গুৱাহাটীলৈ যাবলৈ ওলাল।
(আগলৈ)
Swargadew Rajeshwar Singha's first travel to the kingdom:
In 1678 Shaka year, Swargadeo Rajeshwar Singha make a plane to visit the southern part of his kingdom and decided to see the pilgrimage sites there with his own eyes. There was no war or rebellion in the kingdom so there will be no harm to the kingdom if the king away from the capital. After knowing everything before the trip, Swargadeo got ready to go on the trip. First of all the king ordered Kirti Chandra Barbarua to set up camp at eleven places in between from Rangpur in the north to Hajo in the south. So that, Swargadeo can stay in those places and visit the holly places and enjoy hunting and can continue his voyages. According to the orders of Swargadeo, Kirti Chandra Barbarua set up camp at the following places and prepared all the facilities. Those eleven places are:
1. Sonari River 2. Gajpur
3. Dergaon 4. Tiarai of Bishwanath.
5. Kaliabar, 6. Soybean fields,
7. Bardowa, 8. Becky,
9. Kalashila, 10. Barnadi and 11. Haju
No
one had ever visited the kingdom in this way before Swargadeo Rajeshwar
Singha. He planned to stay in those camps, met the people of the nearby
villages, visit the pilgrimage sites, give alms, and if there is opportunity
for hunting and fishing he will enjoy it. The Ahom kings loved to hunt. When
the kingdom was stable, the Swargadeos went for hunting with bows and
arrows , guns and soldiers. Once, It was happened in 1616 Shaka
year. While, Gadadhar Singha was
enjoying hunting, standing on a big rock near Bardubi on the upper side of the Dikhou River. Then a deer jumped out of
the forest and fell on the rock where Swargadeo was standing. The king shocked by
the sudden incident and soon afterwards he started to have a fever and went
home. The fever did not go away until the day of his death. However, he had a
sore throat in the middle of the fever. He died of wounds and fever.
Now
come to the travel story of Swargadeo Rajeshwar Singha. On 13 Aghon,
1678 Shaka year, Swargadeo Rajeshwar Singha
left Rangpur and went to Sonari camp. The king was accompanied by four of his
brother, his son and grand son, his six wives or queens, a princes and his high ranking officials. They are- 1. Kirti Chandra
Barbarua, 2. His brother Kalshilia Gohai. 3.Charusingh Maju Gohain , 4. Ratneshwar
Saru Gohai, 5. Patkowar and his son, 7. Bajua
Gohai, and his six queens. 7. Barjana Aikowarideo (Bar-Rani), 9. The
mountain princess, 9. Ba-rmahi Kunwari, 10. Maju Mahi Kunwari, 11.Saru
Mahi Kunwari, 12. Na-Kuvari and 12. Tamuli Kunwari 13. Aidewati, daughter of Swargadeva. 15. Chandrahas
Choladhara Fukan, 15. Uma Khangia Fukan, 16.
Bura-Gohai, 18. Barpathra-Gohai, 19. Salal
Gohain and 20. Marangi Khuwa Gohain. There
were twenty travelers in total, including Swargadeo.
Before the king reached the Sonari river, the king's soldiers, feudal lords, servants, and guards made everything ready in the camps and waited for the king’s arrival. He went from the Sonari river camp with the ministerial body and his family and stayed at Khatbar for a few days. While in Khatbar, Swargadeo wandered freely in the nearby places. From there they went to Bathakhana. While in Bathakhana, the king enjoyed hunting and fishing. From there, the king went to Phulbari and visited the temple of Thakurani there and bathed in the waters of the sacred Pichla river, which flowing through the hermitage of Gautama Muni, the family priest of Janaka , the King of Mithila. He gave money, gold, and clothing to fourteen thousand men, women, and children. From there, Swargadeo reached Rangpur through Bathakhana and Hatbar. They didn't reach Hajo that time. Therefore, a month later, Swargadeo made another plan to Guwahati with his ministers. (continued)

No comments:
Post a Comment