Saturday, September 3, 2022

আহোম ৰজাৰ উৎপত্তিৰ পঞ্চম আখ্যান - The Fifth narrative of the origin of the Ahom kings

 

আহোম ৰজাৰ উৎপত্তিৰ পঞ্চম আখ্যান - The Fifth narrative of the origin of the Ahom kings

পুৰণি কালত টাইসকলৰ থেনখামৰ এজন ৰজা আছিল। তেওঁৰ শ্যামা নাম এগৰাকী কন্যা সন্তানৰ বাহিৰে অন্য কোনো সন্তান নাছিল। শ্যামা সৰুৰে পৰাই ইন্দ্ৰক পূজা কৰিছিল। শ্যামাৰ বয়স যেতিয়া ১২ বছৰ হল ইন্দ্ৰই হঠাতে শ্যামাই পূজা কৰা ঠাইত উপস্থিত হৈ সুধিলে। - হে ৰাজকন্যা!  তুমি কি কীৰণে মোক ইমানকৈ পূজা কৰিছা ? মই তোমাৰ পূজাত তুষ্ট হৈ বৰ দিবলৈ আহিছোঁ। তোমাক কি বৰ লাগে কোৱা। ইন্দ্ৰই এইবুলি কোৱাত ৰাজকন্যাই ইন্দ্ৰ দেৱতাৰ মুখলৈ চাই, তেওঁৰ ৰূপত মুগ্ধ হৈ কলে – হে দেৱৰাজ ! যদি আপুনি অনুগ্ৰহ কৰি মোক বৰ দিবলৈ আহিছে, তেনেহলে কৃপা কৰি মোৰ অভিপ্ৰায় শুনক। মোৰ পিতৃৰাজ্য শাসন কৰিবলৈ মোৰ কোনো ভাই-ককাই নাই, সেয়েহে পিতৃৰাজ্য নষ্ট হয় বুলি মোৰ অন্তৰত বৰ দুখ। সেয়েহে, মোৰ পিতৃৰাজ্য ৰক্ষা কৰিবলৈ মোৰ পৰা যেন বংশ বৃদ্ধি হয়। মোক আপোনাৰ নিচিনা এজন বীৰ্য্যবান, তেজবান আৰু  গুণবান এজন সুন্দৰ পুৰুষৰ লগত বিবাহ কৰাই দি মোৰ মনোবাঞ্ছা পুৰণ কৰক।

ৰাজকন্যাৰ কথা শুনি ইন্দ্ৰই ভাবিলে যে মোৰ সমান বীৰ্য্যবান, তেজবান আৰু  গুণবান এজন সুন্দৰ পুৰুষৰ মই কত পাম ? এই ভাবি ইন্দ্ৰই তথাস্তু কৈ ৰাজকন্যাক নিজেই বিবাহ কৰি থোৱাৰ লগতে চংমুং নামৰ ঠাইত নগৰ পাতি ৰাজকন্যাক তাতে থাকিবলৈ দিলে। কালক্ৰমত শ্যামা আৰু ইন্দ্ৰৰ ১০০ টা পুত্ৰ আৰু এজনী কন্যা সন্তান জন্ম হল।

প্ৰথম পুত্ৰৰ নাম আই খুনলুং

দ্বিতীয় পুত্ৰৰ নাম আই খুনলাই

তৃতীয় পুত্ৰৰ নাম লঙ্গো

চতুৰ্থ পুত্ৰৰ নাম লাই

পঞ্চম পুত্ৰৰ নাম লেছাই ; সেই অনুক্ৰমে ১০০ টা পুত্ৰ  আৰু এজনী কন্য সন্তান আছিল

এই ১০০ সন্তানৰ সতি-সন্ততিয়ে গোটেই এছিয়া জুৰি চীন, শ্যাম দেশ, কোৰিয়া, মাঞ্চুৰিয়া, লাটৈ, লাই-ইয়াং, লামা, তিব্বত, লাছা, ভূটীয়া, শ্যান, মুংখং, মেঞ্চৰা, লোক-খোন, লোকেং, বৰ্মা, জাপানৰ অৰ্দ্ধেক, নেপালৰ কিছু অংশ, ইয়োদ্ৰা আৰু অসম পৰ্যন্ত বিস্তাৰিত হয়। শ্যামা ৰাজকন্যাৰ প্ৰথম আৰু দ্বিতীয় পুত্ৰ খুনলং আৰু খুনলাইক দেৱৰাজ ইন্দ্ৰই পৃথীৱীৰ সমভুমিত ৰাজত্ব কৰিবলৈ পঠাইছিল। তেওঁলোকে আহি মংৰিমংৰামত নগৰ  স্থাপন কৰে।

                                                         ******

The Fifth narrative of the origin of the Ahom kings

In ancient times, the Tai had a king named Thenkham. He had no son except a daughter named Shyama. Shyama worshiped Indra since her childhood. When Shyama turned 12, Indra suddenly appeared at the place where Shyama worshiped Indra everyday and asked  – “O princess! Why are you worshiping me so much? Pleased by your worship, I am coming to give you a boon. Tell me what you want”. When Indra asked this, the princess looked at the face of Indra and was fascinated by his appearance and she humbly replied- “O king of the gods! If you have come to give me a boon, please listen to me. I have no brother to rule over my father's kingdom, so it is very sad in my heart that my father's kingdom will be ruined. Therefore, may the descendants be increased from me to protect the kingdom of my father. Please fulfil my wish by marrying me to a handsome man like you, who is strong, powerful and virtuous.

Hearing the princess's words, Indra thought, 'Where can I find a handsome man as strong, as bright and as virtuous as me?' Indra said, 'That's right' (tatastu) and married the princess himself and built a city called Changmu and let her live there. In time, Shyama and Indra had 100 sons and one daughter.

The first son was named Ai Khunlung

The second son was named Ai Khunlai

The third son was named Lango

The fourth son was named Lai

The fifth son was named Leshai ; in this way they had 100 sons and one daughter.

The descendants of these 100 sons of Indra are from China, Syam, Korea, Manchuria, Latai, Lai-yang, Lama, Tibet, Lhasa, Bhutanese, Shan, Mukhong, Menchra, Lok-Khon, Lokeng, Burma, half of Japan, Nepal in parts, it extends to Yodra and Assam. Khunlong and Khunlai, the first and second sons of Princess Shyama, were sent by Indra to rule the plains of the earth. They came and established a city at Murimangram.

                                                                     ******



1 comment:

Mail Dacoity in Surma Valley

[11] UNDERGROUND RESISTANCE MOVEMENT IN ASSAM FROM 1921 TO 1947:  Mail Dacoity in Surma Valley A series of mail robberies were Committed b...