আহোম ৰজাৰ উৎপত্তিৰ তৃতীয়
আখ্যান
আহোমবিলাকৰ ৰজাক ইন্দ্ৰবংশী বোলাৰ তৃতীয়
আখ্যানটো হ’ল – মহাভৰতৰ যুদ্ধত মৃত্যু হোৱা
বীৰবিলাকৰ বিধবা তিৰোতা কিছুমান স্বামী শোকত মৃয়মান হৈ আত্মহত্যা কৰিলে। আন
কিছুমান বিধৱা তিৰোতা ধৃতৰাষ্ট্ৰৰ পত্নী কংকতী আদিয়ে অৰণ্যত মৰোগৈ বুলি ওলাই আহিল।
বাটতে নাৰদ মুনিক লগ পালে। নাৰদ মুনিয়ে অৰণ্যলৈ মৰিবলৈ যোৱা বুলি শুনি নাৰদে
পৰামৰ্শ দিলে যে মৰবলৈ যোৱাতকৈ শত্ৰুক প্ৰতিশোধ লোৱাটোহে উত্তম কথা হব। এই বুলি
কৌৰৱৰ তিৰোতাসকলক এটা পুখুৰী খান্দিবলৈ আৰু সেই পুখুৰীৰ পাৰ সোণেৰে বান্ধি ফুলেৰে
সুশুভিত কৰিবলৈ কলে। সেই পুখুৰীৰ পাৰত বহি পূজা কৰি নাৰদ মুনিয়ে তিৰোতাবিলাকক
মন্ত্ৰপুত শৰ-ধনু প্ৰদান কৰলে। সেই শৰধনুৰে কোৰৱৰ তিৰোতাসবে পাণ্ডৱৰ নগৰ আক্ৰমণ
কৰি পৰাজিত কৰিলে।
পৰাজয় বৰণ কৰি পাণ্ডৱে কৃষ্ণক স্মৰণ কৰি উপায়
বিছাৰিলে। কৃষ্ণই পাণ্ডৱক সম্বন্ধীয় কৌৰৱৰ তিৰোতাসকলৰ লগত যুদ্ধ কৰাৰ বাবে
তিৰস্কাৰ কৰি পৰামৰ্শ দিলে যে, কৌৰৱৰ তিৰোতাসকলৰ লগত যুদ্ধ কৰিবলৈ দ্ৰুপদী,
ৰুক্মিনী আদি পাণ্ডৱৰ তিৰোতাসকলক যুদ্ধলৈ পঠাবলৈ কলে। কৃষ্ণৰ পৰামৰ্শ মতে,
দ্ৰুপদী, ৰুক্মিনী আদি পাণ্ডৱৰ তিৰোতাসকলক যুদ্ধলৈ গ’ল। যুদ্ধ ক্ষেত্ৰত
দুৰ্যোধনৰ কন্যা লক্ষণাই দ্ৰুপদীক দেখি একে শৰে সাগৰ পাৰ কৰি থ’লে। চেতনা অহাৰ পাছত দ্ৰুপদীয়েও শৰ মাৰি সকলো কৌৰৱৰ বিধৱা
তিৰোতাক ইন্দ্ৰ শাপগ্ৰস্ত হৈ থকা পূৰ্বৰ বশিষ্ঠ মুনিৰ আশ্ৰম ৰত্নভুমিত পেলাই দিলে। চেতনা অহাৰ পাছত কৌৰৱ
স্ত্ৰীগণে নাৰাধক আৰাধনা কৰি কথাটো জনালে। নাৰদে স্ত্ৰীগণক দেৱতাক আৰাধনা কৰিপলৈ উপদেশ দিলে।
নাৰদৰ উপদেশ মতে কৌৰৱ স্ত্ৰীগণে দেৱতাক আৰাধনা কৰিবলৈ ধৰিলে।
এনেতে এদিন কঙ্কতী আৰু দৈত্যৰূপ লৈ সেই ঠাইত থকা
ইন্দ্ৰৰ মিলন হয়। সেই মিলনৰ পিছত ইন্দ্ৰ শাপমূক্ত হৈ স্বৰ্গলৈ গুচি গল। ইন্দ্ৰই
স্বৰ্গ গমনৰ আগে আগে কঙ্কতীক কৈ গল- তোমাৰ গৰ্ভত মোৰ ঔৰসত এটি পুত্ৰ সন্তান আছে,
সময়ত জন্ম হৈ সি ৰজা হব। কালক্ৰমত, কঙ্কতীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। সৰগত
গোটেই দেৱতাগণে আনন্দ উল্লাস কৰি ইন্দ্ৰৰ সন্তাক আদৰণি জনালে। পিছে ঋতুস্ৰাৱ হোৱাৰ
দ্বিতীয় দিনা গৰ্ভস্থ সন্তানৰ ভৱিষ্যতক লৈ সংকিত হৈ কঙ্কতীয়ে দেৱৰাজ ইন্দ্ৰক
সন্তানৰ দ্বায়িত্ব লবলৈ কাকূতি কৰিব ধৰিলে। কঙ্কতীক আশ্বাস দি ইন্দ্ৰই কলে যে,
তেওঁৰ বৰৰ প্ৰভাৱত সেই পুত্ৰ শক্তিশালী ৰজা হব আৰু তেওঁৰ সতি-সন্ততিয়ে ১২৮ পুৰুয
সৌমাৰখণ্ড আৰু সৌমাৰবাসীক ৰাজত্ব কৰিব। সেই সকলো ৰজাই সৰ্ব্বগুণ
সম্পন্ন হব। এইদৰে কৈ ইন্দ্ৰ
পুনৰ স্বৰ্গলৈ গুচি
গল। ইন্দ্ৰ আৰু কঙ্হকিৰ সেই সন্তানটিৰ নাম থলে থেনখাম। থেনখাম ডাঙৰ হলত ইন্দ্ৰই
পূজা কৰিবলৈ চোমদেও বা চোমচেঙ্গ বিগ্ৰহ, শত্ৰুক্ষয় কৰিবলৈ হেঙ্গদান, ৰণবাদ্যৰ বাবে
ঢাক নামৰ বাজানা, আৰু মঙ্গল চাবলৈ কাইচেঙ্গমুঙ্গ নামৰ দুযোৰ কুকুৰা আৰু বিভিন্ন
ৰাজনিতী শিক্ষা প্ৰদান কৰি ৰজাৰ বাবে যোগ্য শিক্ষা প্ৰদান কৰিলে। সেই থেনখামেই
দৈৱিক সম্পদখিনিৰ প্ৰভাৱত আৰু ইন্দ্ৰৰ উপদেশ ক্ৰমে সূৰ্য্যবংশীয় ৰজা খুনবাক আৰু
তেওঁৰ পণ্ডিত পূজাকজিৰ সতিসন্ততিক ৰাজকাৰ্য্যত নিযুক্তি দি স্বৰ্ণাদ্ৰিলৈকে ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হয়।
থেনখামক যোগিনীতন্ত্ৰত ‘অৰিন্দম’ বুলি উল্লেখ কৰিছে। অৰিন্দম মানে অপৰাজেয় বা শত্ৰুক নাশ
কৰোঁতা।
ইয়াৰ পিছৰ কথাখিনি প্ৰায় একে। থেনখামৰ ১৮ গৰাকী ৰাণী, পুত্ৰ ১০০ জন। খুনলুং আৰু খুনলাই স্বৰ্গৰ পৰা শিকলিৰে নামি অহা, চোমদেও, ঢাক, তৰুৱাল, কুকুৰা ইন্দ্ৰই প্ৰদান কৰা ইত্যাদিবোৰৰ সংগতি ৰাখি বৰ্মনা কৰিছে। শেষত খুনলুং আৰু খুনলাইৰ বংশধৰ আহোম ৰজাসকল বুলি শেষ হৈছে।
{ আহোম ৰজাৰ উৎপত্তিৰ চতুৰ্থ
আখ্যান (আগলৈ)}
The Third Narrative of the Origin of the Ahom Kings
The third
legend that the kings of the Ahoms were called Indravanshi is that some
of the widows of the heroes of the Kauravas, who died in the battle in
the Mahabharata, committed suicide in grief. Other widows, such as Dhritarashtra's
wife Kankati, went out to die in the forest. On the way they met the
sage Narada. When Narada-Muni heard that they were going to die in the forest, Narada suggested that it
would be better for them to take revenge on their enemies than to die in this
way. He advised the widows of the Kauravas
to dig a pond and tie the banks of the pond with gold and decorate it with
flowers. Sitting on the bank of the pond, Narada worshiped and gave the widows
enchanted arrows and bows called Shara-dhanu. With that Shara-dhanu
the women of the Kauravas
attacked the city of the Pandavas and defeated them.
After the
defeat, the Pandavas asked from Shri-Krishna for a solution. Krishna rebuked
the Pandavas for fighting with the wives of their relatives and advised
them to send their wives like Drupadi and Rukmini to fight the widows
of the Kauravas. On the advice of Krishna, the wives of the Pandavas,
such as Drupadi and Rukmini, went to the battle. Immediately after seeing Drupadi
, the beloved wife of the Pandavas, in the battle field , Duryodhana's
daughter Lakshana shot an enchanted arrow to her which led her across an ocean. After regaining consciousness, Drupadi
also shot an arrow and threw all the widows of the Kauravas into the Ratnabhumi,
the former ashrama of the sage Bashishta, where Indra inhabited
in the form of a demon. After becoming
conscious, the widows worshiped Narada and informed him of the situation. Narada advised the women to worship the deities. The
widows of Kauravas began to
worship the deities on the advice of Narada.
One day, Kankati and Indra
met each other in Ratnabhumi, where Indra
was there in the form of a giant. Indra after intimate with Kankati
freed from the curse of Basistha-muni and went to heaven. Before going
to heaven, Indra told Kankati that there is a son in her womb
from the semen of Indra who would be born in time and will be a king in
the future. In time, Kankati gave birth a son. All the gods in heaven welcomed the son
of Indra with joy. This is because the baby settled in the womb on the
second day of menstruation, Kankati
was worried about the future of her child. She preyed Indra,
the king of the gods, to take care of his son. Indra assured Kankati that under
the influence of his boon, the son would become a powerful king and his
descendants would rule over Saumarakhand and the inhabitants of Saumara
for 128 generations. All those kings will be powerful and kind to the people.
With this, Indra went back to heaven. Indra and Kanhaki named the
child Thenkham. After Thenkham became a young man, Indra gave him a
worthy education by giving him the idol Chomdeo or Chomcheng to
worship, the Hengdan to destroy enemies, the instrument called Dhak
for war instruments, and two pairs of chickens called Kaichengmung to
see good luck. Thenkham, under the influence of the divine resources and
on the advice of Indra, was able to expand his kingdom to the Swarnadri
by appointing Khunbak, the king of the Surya dynasty, and his scholar
Pujakji's descendants. Thenkham is referred to as 'Arindam' in the
Yogini-Tantra. Arindam means victorious or destroyer of foes.
The rest descriptions are pretty much the same such as, 18 queens of Thenkham, 100 sons, Khunlung and Khunlai describes the descent of heaven by chains, Chomdeo, the Dhak, the sword, the chicken given by Indra, etc. Finally described, the Ahom kings are the descendants of Khunlung and Khunlai or the descendants of Indra .
{The Fourth Narrative of the Origin of the Ahom Kings (continued)}

👍
ReplyDelete