Short History 15/08/2022
Origin
of the name Kamrup –
The origin of the name Kamarup, which
is particularly popular among the prevalent mythological legends, is quoted
from the Gopath Brahmana. According to legend, Sati, the daughter of King
Daksha, burnt herself to death because of her father's insult to her husband,
Shiva. Shiva, grieving over the death of his wife, carried Sati's body on his
shoulders and began to travel around the universe. To prevent this strange act
of Shiva, Lord Vishnu used his 'Sudarshan' Chakra to cut Sati's body into
pieces. The dismembered parts of Sati's body fell in 51 places in the country.
The Yuni (vagina) of Sati fell on the Nilachal Mountains in Guwahati, Assam.
There, Mahadeva engaged in severe penance. There was a great outcry among the
gods as Mahadeva was in meditation. Without him, no one died on earth. The gods
consulted and sent Kamadeva, the god of love, to earth to distract Mahadeva. Kamadeva
threw Madana's five arrows of love at the meditating Mahadeva. Mahadeva was
distracted and in anger he burnt Kamadeva on the spot with his third eye. In
this act, Kamadeva's wife Ratidevi begged Lord Mahadeva to revive her husband. Satisfied
with Ratidevi's prayer, Mahadeva gave Kamadeva life again. The land where
Kamadeva revived or regained his form (Kama + Rup; i.e. Kama + revive), is later mentioned as Kamarup.
The place Assam was known as Kamrup
before the arrival of the Ahoms in 1228 A.D. It is believed that the name of
Kamrup changed to 'Assam' after it came under the rule of 'Ahom', 'Ahoom' or
'Asoma' or 'Assam'.
******
কামৰূপ নামৰ উৎপত্তি –
প্ৰচলিত পৌৰাণিক
আখ্যান সমূহৰ ভিতৰত বিশেষ ভাৱে জনপ্ৰিয় কামৰূপ
নামৰ উৎপত্তিৰ আখ্যানটো গোপথ ব্ৰাহ্মণৰ পৰা উদ্ধৃত। আখ্যান
অনুসৰি, দক্ষ
ৰজাৰ জীয়ৰী সতীয়ে, তেওঁৰ স্বামী শিৱক, পিতৃয়ে
কৰা অপমানৰ বাবে আত্মদাহ কৰিছিল। পত্নীৰ মৃত্যুৰ দুখত ভাগি পৰি শিৱই সতীৰ দেহ
কান্ধত লৈ গোটেই বিশ্ব-ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব ধৰিলে। কথা
ভিষম দেখি ভগৱান বিষ্ণুই নিজৰ সুদৰ্শন চক্ৰ ব্যবহাৰ কৰি সতীৰ শৰীৰটো খণ্ড-খণ্ডকৈ
কাটি পোলালে। সতীৰ
দেহৰ চিন্ন-বিচিন্ন অংগবোৰ মতভেদে দেশৰ ৫১ খন ঠাইত পৰিল। অসমৰ গুৱাহাটীৰ নীলাচল
পৰ্বতত সতীৰ যোনিভাগ পৰিল। মহাদেৱে
তাতাই ঘোৰ তপস্যাত মগ্ন হয়। মহাদেৱ ধ্যানত থকাত দেৱকুলত
হাহাকাৰ লাগিল। তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ'ল।
দেৱতাসকলে আলোচনা কৰি প্ৰেমৰ
দেৱতা কামদেৱক মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ পৃথিৱীলৈ পঠিয়ালে।
কামদেৱে ধ্যানত থকা মহাদেৱলৈ মদনৰ পঞ্চশৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভঙ্গ হ'ল আৰু
প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে। এই
কাৰ্যত কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা
জনালে। ৰতিদেৱীৰ আৰাধনাত সন্তুষ্ট হৈ মহাদেৱে কামদেৱক পুনৰ জীৱন দান দিলে। যি
ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই
ভূমি পাছলৈ কামৰূপ হোৱা বুলি উল্লেখ আছে।
১২২৮ খ্ৰীষ্টাব্দত আহোম সকলৰ অসম আগমনৰণৰ আগলৈ
এই দেশৰ নাম কামৰূপেই আছিল। কালক্ৰমত ‘আহোম’, ‘অহম’ বা ‘অচম’ বা ‘আসম’ সকলৰ
শাসনৰ অধীনলৈ অহাৰ পৰা কামৰূপ নামৰ সলনি ‘আসম’ হোৱা
বুলি অনুমান কৰা হয়।

No comments:
Post a Comment